অসম

assam

ETV Bharat / state

পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ নথকা মহানগৰীৰ ১৫ খন দোকানক বিহিলে জৰিমণা - Guwahati Municipal Corporation

শুকুৰবাৰে মহানগৰীত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান । গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Corporation)ৰ বানিজ্য অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায় কৰি থকা দোকানৰ বিৰুদ্ধে অভিযান চলাই পৌৰ নিগম কতৃপক্ষই(GMC campaign against shops doing business without a business licence) । ১৫ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানক বিহিলে জৰিমণা ।

gmc raid against 15 shop in ghy
পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ নথকা মহানগৰীৰ ১৫ খন দোকানক বিহিলে জৰিমণা

By

Published : May 27, 2022, 10:48 PM IST

গুৱাহাটী,২৭ মে':মহানগৰীৰ দোকানে দোকানে চলিল GMCৰ অভিযান । অভিযান চলাই বিহিলে জৰিমণা । গুৱাহাটী মহানগৰীত গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Corporation)ৰ বানিজ্য অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায় কৰি থকা দোকানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগম কতৃপক্ষই শুক্ৰবাৰে অভিযান চলায়(GMC campaign against shops doing business without a business licence) । গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে মহানগৰীৰ উজানবজাৰ আৰু বাৰোৱাৰী এলেকাত চলায় অভিযান ।

১৭ খন মিঠাইৰ দোকান, গেলামালৰ দোকান, ৰেষ্টোৰাত অভিযান চলায় GMCয়ে

গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে উজানবজাৰ আৰু বাৰোৱাৰী এলেকাত থকা ১৭ খন মিঠাইৰ দোকান, গেলামালৰ দোকান, ৰেষ্টোৰাত অভিযান চলায় । ইয়াৰে ১৫ খন দোকান গুৱাহাটী মহানগৰীত গুৱাহাটী পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায় কৰি থকা তথ্য লাভ কৰে ।

শুকুৰবাৰে মহানগৰীত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান

লগতে তিনিখন দোকান অস্বাস্থ্যকৰ পৰিৱেশত গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰে । নিয়ম ভংগকাৰী দোকানসমূহ হ'ল- চেলেষ্টিয়েল ৰেষ্টুৰেণ্ট, এম. জি. ৰোড, উজানবজাৰ, কড়ক চায়, এম জি ৰোড, উজানবজাৰ , কড়ক চায়, এম জি ৰোড, উজানবজাৰ, বৰুৱা ষ্টোৰ, এম. জি. ৰোড, উজানবজাৰ, ভিউ পইণ্ট ষ্টোৰ, এম. জি. ৰোড, উজানবজাৰ, নিহাৰ আহমেদ ষ্টোৰ, এম. জি. ৰোড, উজানবজাৰ, মিনা ষ্টোৰ, এম. জি. ৰোড, উজানবজাৰ, ৰাজু সিং ষ্টেচনেৰী শ্বপ, এম জি ৰোড, উজানবজাৰ, অমৰজিৎ ঠাকুৰৰ চেলুন, এম. জি. ৰোড, উজানবজাৰ, পংকজ সিং ষ্টেচনেৰী শ্বপ, এম. জি. ৰোড, উজানবজাৰ, ৰাজেন্দ্ৰ দাসৰ চাহৰ দোকান, এম. জি. ৰোড, উজানবজাৰ, ফাষ্ট ফুড, এম.জি. ৰোড, উজানবজাৰ, ফুউড ফাষ্ট ফুড, এম.জি. ৰোড, উজানবজাৰ, ৰাজেশ ষ্টোৰ, এম. জি. ৰোড, উজানবজাৰ, লাভলী চন্দন ৰেষ্টুৰেণ্ট আৰু এছ.আৰ.এছ.-ৰ মিঠা কাৰখানা ।

এই দোকানকেইখনৰ বিৰুদ্ধে পৌৰ নিগম কৰ্তৃপক্ষই জৰিমণা আদায় কৰিছে । লগতে এনেধৰণৰ ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে GMC কৰ্তৃপক্ষই ।

লগতে পঢ়ক:প্ৰমাণ নষ্ট কৰিবলৈয়ে বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল আৰক্ষী থানা !

ABOUT THE AUTHOR

...view details