গুৱাহাটী, ১৩ মে:শপত গ্ৰহণ কৰিয়েই কৃত্ৰিম বানক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হ'ল গুৱাহাটী পৌৰ নিগমৰ নৱ-নিৰ্বাচিত মেয়ৰ আৰু উপ-মেয়ৰে ৷ মহানগৰীৰ কৃত্ৰিম বানেই যেন আদৰণী জনালে নতুন মেয়ৰ আৰু উপ মেয়ৰক । শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু উপ-মেয়ৰ হিচাপে শপত গ্ৰহন কৰে মৃগেন শৰণীয়া আৰু স্মিতা ৰয়ে (New Mayor Mrigen Sarania and Deputy Mayor Smita Roy) ।
মহানগৰীত যোৱা নিশাৰে পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হয় ভয়ংকৰ কৃত্ৰিম বানৰ (Artificial flood in Guwahati)। ইয়াৰ বাবে মহানগৰবাসীয়ে জগৰীয়া কৰিছে গুৱাহাটী পৌৰ নিগমক । শপত গ্ৰহণ কৰিয়ে কৃত্ৰিম বানক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নৱ নিৰ্বাচিত মেয়ৰ,উপ মেয়ৰ সমন্বিতে পাৰিষদবৰ্গ । তেওঁলোকে কিদৰে মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিব এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মেয়ৰ মৃগেন শৰণীয়াই কয়- "আজি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । আগন্তুক দিনত এই সমস্যা সমাধান কৰাৰ বাবে চেষ্টা কৰিম ।
মহানগৰবাসীক কৃত্ৰিম বানৰ পৰা সকাহ দিবলৈ চেষ্টা কৰিম । এয়া আমাৰ বাবে প্ৰত্যাহ্বান নহয় দায়িত্বহে ।" আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে (Minister Ashok Singhal) সংবাদ মাধ্যমৰ আগত কয়- "একে দিনাই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱাৰি । কৃত্ৰিম বান ৰোধ কৰাৰ বাবে তিনি বছৰ সময় লোৱা হৈছে । তাৰ ভিতৰত এবছৰ সম্পূৰ্ণ হৈছে । বাকী দুটা বছৰ আছে । মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্য়া ১০০ শতাংশ সমাধান হব নোৱাৰে । এটা পৰ্যায়লৈহে কমাব পৰা যাব ।"