অসম

assam

ETV Bharat / state

Water crisis grips GMC New Colony: এটুপী পানীৰ বাবে হাহাকাৰ মহানগৰীৰ ফটাশিল নিউ কল’নিৰ বাসিন্দাৰ

ছেপ্টেম্বৰৰ উৎকট গৰমে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰাৰ সময়তে এটুপী পানীৰ বাবে হাহাকাৰ মহানগৰীত । উৎকট গৰমত পানীৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে মহিলাসকলে ৷ ক'ত আৰু কিয় মহিলাসকলে পানীৰ নাটনিৰ বাবে শাৰী পাতিবলগীয়া হৈছে চাও আহক আমাৰ এক প্ৰতিবেদন...

Water crisis grips GMC New Colony
মহানগৰীত এটুপী পানীৰ বাবে হাহাকাৰ জিএমচি নিউ কলনিৰ বাসিন্দাৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:56 PM IST

মহানগৰীত এটুপী পানীৰ বাবে হাহাকাৰ জিএমচি নিউ কলনিৰ বাসিন্দাৰ

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ :গুৱাহাটী মহানগৰীত দিনে দিনে পানীৰ সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে । গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ কৰি ৰখা সকলৰে নিজে পৰিষ্কাৰ হ’বলৈ পানীৰ অভাৱ । এই সমস্যা মহানগৰীৰ ফটাশিল নিউ কল’নিৰ বাসিন্দাসকলৰ । গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মচাৰীসকলে বাস কৰা ফটাশিল নিউ কল’নিত বছৰ বছৰ ধৰি পানীৰ অভাৱ । কল’নিখনৰ বাসিন্দাসকলে প্ৰায় ২০০ ৰ পৰা ৩০০মিটাৰ দূৰৰ পৰা পানী কঢ়িয়াই আনি পৰিয়ালক পানীৰ যোগান ধৰি আহিছে ।

কল’নিখনৰ বাসিন্দা তথা সমাজকৰ্মী আৰ এন প্ৰসাদে এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকৰ আগত কয়, ফটাশিল নিউ কল’নিত পানী সমস্যা দীৰ্ঘদিনীয়া ৷ কল’নিখনৰ ১৪ টা বিল্ডিঙত প্ৰায় ৪০০ টা পৰিয়ালে বসবাস কৰে । কিন্তু সেই কল’নিত তীব্ৰ পানীৰ সংকট । কল’নিখনত পানী যোগানৰ বাবে জি এম চিৰ দুটাকৈ পাম্প আছে । দুয়োটা পানীৰ পাম্প চলিলেও কল’নিখনৰ ৭ টা বিল্ডিঙৰ বাসিন্দাইহে পানী লাভ কৰে । তদুপৰি প্ৰতি তিনি-চাৰি মাহৰ মূৰত ইয়াত পানী পাইপ বিকল হৈ পৰে ৷

ইফালে পানীত যথেষ্ট পৰিমাণৰ আইৰণ থকাৰ ফলত সেই পানী ব্যৱহাৰ কৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে একাংশ বাসিন্দা । বৰ্তমান জিএমচিৰ নিউ কল’নিখনৰ এটা পানীৰ পাম্প বিগত প্ৰায় ১৫ দিন ধৰি বিকল হৈ থকাৰ ফলত তীব্ৰ পানীৰ সংকটত ভুগিছে বাসিন্দাসকলে । বাসিন্দাসকলে বাৰম্বাৰ জি এম চি কৰ্তৃপক্ষক পানীৰ পাম্পটো মেৰামতি কৰিবলৈ আহ্বান জনাই আহিছে যদিও বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বাসিন্দাসকলে ক্ষোভ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Load shedding issue in Assam : এনে গৰম আগতে হোৱা নাছিল, ৰজাৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰজাৰ বিদ্ৰোহ

ABOUT THE AUTHOR

...view details