গুৱাহাটী, ২৩ অক্টোবৰ:গুৱাহাটী পৌৰ নিগমত সংঘটিত কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰীৰ তদন্ত অভিযান অব্যাহত আছে । দ্বিতীয় দিনাও অব্যাহত আছে মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ (CM Vigilance) অভিযান । দ্বিতীয় দিনা মহানগৰীৰ ৪ টা স্থানত মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলায় । মহানগৰীৰ সাওকুছি ,ভৰলুমুখ ,গান্ধীবস্তি,দক্ষিণ শৰণীয়াত অভিযান চলায় । গান্ধীবস্তিৰ শুভম ইলাইটৰ বাবুলাল শৰ্মাৰ বাসগৃহ,দক্ষিণ শৰণীয়াত অভিযন্তা চিত্তৰঞ্জন দত্ত,শংকৰ মেধিৰ ঘৰত অভিযান চলায় । এই অভিযানত জব্দ বহু গুৰুত্বপূৰ্ণ নথি -পত্ৰ ।
আনহাতে, নলবাৰীত আত্মগোপন কৰি থকা অৱস্থাত নিশা গ্ৰেপ্তাৰ কৰে চাৰ্টাৰ্ড একাউন্টেন (CA) অভিমন্যু মেধীক । শনিবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই জি এম চিৰ স্বচ্ছতা বিষয়া আছিফ আহমেদৰ ছয়মাইলস্থিত ঘৰ, পাঞ্জাবাৰীৰ এলেন বেগমৰ বাসগৃহ মঞ্জুশ্ৰী এপাৰ্টমেন্ট, বেলতলাৰ নতুন বজাৰস্থিত দিনচান গ্ল'বেল ভেন্সাৰ প্ৰাইভেট লিমিটেডৰ কাৰ্যালয় আৰু দিনচান গ্লবেল ভেন্সাৰ প্ৰাইভেটৰ সঞ্চালক দীনেশ জয়ছোৱাল ঘৰতো অভিযান চলাইছিল ।
উল্লেখ্য যে চলিত বৰ্ষত বোকা আঁতৰোৱা কামৰ প্ৰায় ২ কোটি ২১ লাখ ৬৪ হাজাৰ টকাৰ আন এখন বিলৰ ধন মোকলাই দিবলৈ পৌৰ নিগমৰ আয়ুক্তলৈ এইগৰাকী ঘোচখোৰ বিষয়াই নথি-পত্ৰ প্ৰেৰণ কৰে (GMC crores scam) । এই নথি-পত্ৰ পুনৰীক্ষণ কৰি অন্তিমটো মোহৰ মাৰিছিল পৌৰ নিগমৰ বিশেষ কৰ্তব্যৰত বিষয়া বাবুলাল শর্মাই । পিছে নথি-পত্ৰ চাই পৌৰ নিগমৰ তদানীন্তন আয়ুক্ত দেৱাশিস শৰ্মাৰ সন্দেহ ওপজাত লগে লগে তেওঁ ২ কোটি ২১ লাখ ৬৪ হাজাৰ টকাৰ কাম-কাজৰ তদন্ত কৰিবলৈ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক নিৰ্দেশ দিয়ে (GMC Commissioner) ।