গুৱাহাটী, 4 জুনঃগুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই শণিবাৰে মহানগৰীৰ বিৰুবাৰী, গণেশগুৰি, কাহিলিপাৰা, বেলতলা, আঠমাইল আদি অঞ্চলত পদপথ দখল কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় (GMC Eviction drive in Guwahati) ।
পদপথৰ ১৫০ দোকান উচ্ছেদ পৌৰ নিগমৰ - GMC issued notice to hotel guest house
গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান ৷ প্ৰায় ডেৰশখন অস্থায়ী দোকান উচ্ছেদ কৰে পৌৰ নিগমে । মহানগৰীৰ হাতীগাৱঁৰ লখিমীনগৰ অঞ্চলত আজি আন এক উচ্ছেদ অভিযান চলায় গুৱাহাটী পৌৰ নিগমে ৷
![পদপথৰ ১৫০ দোকান উচ্ছেদ পৌৰ নিগমৰ পদপথৰ ১৫০ দোকান উচ্ছেদ পৌৰ নিগমৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-15474175-237-15474175-1654353868769.jpg)
অভিযানকালত সমগ্ৰ অঞ্চলটোত প্ৰায় ডেৰশখন অস্থায়ী দোকান উচ্ছেদ কৰে পৌৰ নিগমে । ইপিনে গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য শাখাই মহানগৰীৰ হাতীগাৱঁৰ লখিমীনগৰ অঞ্চলত আজি আন এক উচ্ছেদ অভিযান চলায় । অভিযানৰ সময়ত দুটা গেষ্ট হাউচ আৰু এটা লেডিজ পাৰ্লাৰকে ধৰি মুঠ তিনিটা ব্যৱসায়িক প্ৰতিষ্ঠান পৰীক্ষা কৰা হৈছিল ।
ইয়াৰে ভিতৰত এখন ব্যৱসায়িক প্ৰতিষ্ঠান পৌৰ নিগমৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ অবিহনে চলি থকাৰ বাবে আৰু এখন ব্যৱসায়িক প্ৰতিষ্ঠানত অস্বাস্থ্যকৰ পৰিৱেশত বৱসায় কৰি থকাৰ বাবে দুয়োখন প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ গ্ৰহণ কৰে । লখিমীনগৰত থকা ৰহি গেষ্ট হাউচ আৰু হোটেল গংগা নিৱাসলৈ জাননী জাৰি কৰে পৌৰ নিগমে (GMC issued notice to hotel guest-house) ।