অসম

assam

GMC Election 2022 : আপৰ তৃতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা

By

Published : Mar 29, 2022, 7:28 PM IST

গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনৰ তৃতীয় প্ৰাৰ্থী তালিকা ঘোষণা আম আদমী পাৰ্টীৰ(AAP)। মঙলবাৰে দলটোৱে ঘোষণা কৰে ১২ জনীয়া তৃতীয়খন তালিকা (AAP announces third list of 12 candidates) ।

aap declare 3rd list of candidate
আপৰ তৃতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা

গুৱাহাটী, ২৯ মাৰ্চ: গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনৰ তৃতীয় প্ৰাৰ্থী তালিকা ঘোষণা আম আদমী পাৰ্টীৰ(AAP) । মঙলবাৰে দলটোৱে ঘোষণা কৰে ১২ জনীয়া তৃতীয়খন তালিকা (AAP announces third list of 12 candidates) । উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় তালিকাত সৰ্বমুঠ ২৫টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী নাম ঘোষণা কৰিছিল দলটোৱে ।

প্ৰথমবাৰলৈ গুৱাহাটী পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগা আপে বর্তমানলৈ মুঠ ৩৭টা ৱাৰ্ডৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম । গণেশগুৰিস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ত ঘোষণা কৰে মতে, ৩নং ৱাৰ্ডত অয়নজ্যোতি দাস, ১৪নং ৱাৰ্ডত স্বপনা দাস, ১৬ নং ৱাৰ্ডত ৰাম এ পাৰিহৰ, ১৭নং ৱাৰ্ডত কল্লোলিতা নাথ, ১৯নং ৱাৰ্ডত প্ৰতিমা বিশ্বাস বৰ্মন, ৩৯নং ৱাৰ্ডত মহিদুল ইছলাম, ৪২নং ৱাৰ্ডত মাছুমা বেগম, ৪৩নং ৱাৰ্ডত চয়েদা তনুজা ৰহমান, ৪৪নং ৱাৰ্ডত কাৰ্তিক কলিতা, ৪৫নং ৱাৰ্ডত সৰোজিনী ডেকা, ৪৬নং ৱাৰ্ডত অসীম কুমাৰ শৰ্মা আৰু ৪৯নং ৱাৰ্ডত ডাঃ অৰ্পিতা চক্ৰৱৰ্তী ।

মঙলবাৰে AAP য়ে ঘোষণা কৰে ১২ জনীয়া তৃতীয়খন তালিকা

তাপৰ্যপূৰ্ণ কথা যে, সদ্য ঘোষিত ৰাজ্যৰ পৌৰ সভা নিৰ্বাচনত দুটা ৱাৰ্ড দখল কৰি ৰাজ্যৰ ৰাজনীতিত জয়ৰ ধাৰা আৰম্ভ কৰিছে আপে । উল্লেখ্য যে, অহা ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । ৩০ মার্চ অৰ্থাৎ বুধবাৰে প্ৰাৰ্থী মনোনয়ণ দাখিলৰ অন্তিম দিন ।

লগতে পঢ়ক:GMC Election 2022 : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

ABOUT THE AUTHOR

...view details