গুৱাহাাটী,৯ এপ্ৰিল:সাত বিহুৰ পাছতেই অৰ্থাৎ ২২ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC Election 2022) । জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল । আগন্তুক নিৰ্বাচনত ভোটগ্ৰহণৰ বাবে কামৰূপ মহানগৰ জিলা নিৰ্বাচনী কৰ্তৃপক্ষই ছফটৱেৰ মাধ্যমেৰে ই.ভি.এম ছেটসমূহ ইতিমধ্যে সাজু কৰি তুলিছে ।
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শুক্ৰবাৰে সকলো ৰাজনৈতিক দলৰ লগতে আন প্ৰাৰ্থীৰ প্ৰতিনিধিৰ উপস্থিতিত ব্যৱহাৰ হ’বলগীয়া ই.ভি.এম. সমূহৰ দ্বিতীয় তথা চুড়ান্ত ৰেণ্ডমাইজেছন প্ৰক্ৰিয়া সমাপ্ত কৰি, ভোটগ্ৰহণৰ বাবে সাজু কৰি তোলা হৈছে, বেলট ইউনিট্ আৰু কন্ট্ৰ’ল ইউনিটযুক্ত ১৩০৩ টা ই.ভি.এম ছেট ।
প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে সংস্থাপিত হ’বলগীয়া ই.ভি.এম ছেটৰ ক্ৰমিক নম্বৰো ৰেণ্ডমাইজেছন প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয় । উল্লেখনীয় যে গুৱাহাটী পৌৰ নিগমৰ এইবাৰৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডৰ বাবে ৭৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছিল যদিও তিনিটা ৱাৰ্ডৰ তিনিগৰাকী প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হোৱাৰ পথ প্ৰশস্ত হোৱা হেতুকে উক্ত তিনিটা ৱাৰ্ডত থকা ৩২ টা ভোটগ্ৰহণ কেন্দ্ৰ হ্ৰাস পায় ।