গুৱাহাটী, 26 নৱেম্বৰ : কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগমে পৌৰ নিগম ৷ গুৱাহাটী পৌৰ নিগমে পৌৰ নিগমৰ ৰঙা চকু এইবাৰ পদপথৰ কাষৰ বিভিন্ন ব্যৱসায়ীৰ ওপৰত ৷ ট্ৰেড লাইচেঞ্চ (Trade license) নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা গুৱাহাটীৰ চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে অভিযান (GMC opprataion against illegal Business establishments) চলোৱাৰ পিছতেই এইবাৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা গুৱাহাটীৰ হোটেল, ল’জ, ফাষ্ট ফুড, ৰেষ্টুৰা আৰু ডিপাৰ্টমেন্টেল ষ্টোৰত শুকুৰবাৰে চলাই অভিযান ।
পৌৰ নিগমৰ অভিযানকাৰী দলে শুকুৰবাৰে মহানগৰীৰ এ আই ডি চি, নয়নপুৰ, গনেশগুৰি, হেঙেৰাবাৰী, দীঘলীপুখুৰীৰ ওচৰৰ তৈয়বুল্লা ৰোডত থকা ১১ খন হোটেল, ল’জ, ফাষ্ট ফুড, ৰেষ্টুৰা আৰু ডিপাৰ্টমেন্টেল ষ্টোৰত চলাই অভিযান ৷ পৌৰ নিগমৰ অভিযানকাৰী দলে পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই থকা ৯ খন হোটেল, ল’জ, ফাষ্ট ফুড, ৰেষ্টুৰা চিনাক্ত কৰে ৷ লগতে চিনাক্ত হোৱা এই ৯ খন হোটেল, লজ, ফাষ্ট ফুড, ৰেষ্টুৰাৰ পৰা পৌৰ নিগমে ২২ হাজাৰ ৫০০ টকা জৰিমনা আদায় কৰিছে ।