অসম

assam

By

Published : Nov 1, 2020, 5:29 PM IST

ETV Bharat / state

ক'ত হেৰাল বেণ্ডিকোট !

মহানগৰীৰ আৱৰ্জনা পৰিস্কাৰ কৰাৰ উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা কৰিছিল এটা ৰবটৰ ৷ নলা পৰিস্কাৰ কৰা ৰবটটোৰ সম্প্ৰতি নাই কোনো চিন-মোকাম ৷

GMC bandicote in guwahati assam etv bharat news
বেণ্ডিকোট

গুৱাহাটী,1 নৱেম্বৰ: বিগত 28 জুলাইত জাক-জমকতাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলি কৰিছিল বেণ্ডিকোট নামৰ এটা ৰবটৰ ৷ সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে গুৱাহাটীত প্ৰথমবাৰৰ বাবে নলা নিষ্কাশন কৰাৰ বাবে প্ৰায় 38 লাখ টকা ব্যয় সাপেক্ষে ক্ৰয় কৰিছিল এই ৰবট ৷ কিন্তু মুকলিৰ পাছতে হঠাৎ নোহোৱা হ’ল ৰবটটো ৷ কিহৰ বাবে মুকলিৰ এটা দিনৰ পাছতে ৰবটটো অন্তৰ্ধান হ’ল তাৰ উত্তৰ কাৰো হাতত নাই ৷

বেণ্ডিকোট মুকলি অনুষ্ঠান

উল্লেখ্য যে,গুৱাহাটী মহানগৰীত থকা প্ৰায় 800 নলা এই ৰবটে নিষ্কাশন কৰিব বুলি জানিবলৈ দিছিল বিভাগীয় মন্ত্ৰীয়ে ৷ সেই অনুসৰি পৌৰ নিগমৰ কোনো চাফাই কৰ্মী দুৰ্গন্ধময় নলাত ননমাকৈয়ে বেণ্ডিকোটৰ দ্বাৰা জাৱৰ–জোঁথৰ নিষ্কাষণ কৰিব বুলিও অৱগত কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু সেই ৰবটৰ সহায়ত নলা পৰিষ্কাৰ কৰা দেখিবলৈ নাপালে মহানগৰবাসীয়ে ৷ 38 লাখটকীয়া এই বেণ্ডিকোট বৰ্তমান পেলাই ৰখা হৈছে উলুবাৰীস্থিত পৌৰ নিগমৰ কাৰ্যালয়ত ৷ এই বিষয়ে বিভাগীয় কৰ্মচাৰীয়ে ৰবটটো পৰিচালনা কৰা অভিজ্ঞ লোকৰ অভাৱৰ বাবে এনেদৰে পেলাই ৰখাৰ কথা প্ৰকাশ কৰে ৷

বেণ্ডিকোট নামৰ ৰবটটো

গুৱাহাটী মহানগৰীত ৰবট ব্যৱহাৰৰ অন্যতম কাৰণ আছিল ভাৰতৰ কেইবাটাও স্থানত যোৱা 4 বছৰত প্ৰায় 300 ৰো অধিক চাফাই কৰ্মীয়ে নলা নিষ্কাশনৰ কামত নিয়োজিত হৈ প্ৰাণ হেৰুৱাইছিল ৷ বৃহৎ পৰিমাণৰ ধনৰাশি ব্যয় কৰি ক্ৰয় কৰা এই ৰবট যেন এতিয়া সজাই থোৱা সামগ্ৰীলৈহে পৰিণত হ'ল ৷ অত্যাধুনিক প্ৰযুক্তিৰে মহানগৰখন পৰিষ্কাৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো সুফল নাপালে বিভাগীয় কৰ্তৃপক্ষই ৷

লগতে চাওকঃৰাইজৰ দলৰ বৰপেটা জিলা সমিতি গঠন

ABOUT THE AUTHOR

...view details