অসম

assam

ETV Bharat / state

৩০ গৰাকী শিক্ষাৰ্থীক প্ৰতিবছৰে বিদেশলৈ পঠাব MDSWS য়ে - ৰাজ্যৰ সংখ্যালঘু আৰু সাধাৰণ শ্ৰেণী

অহা ফেব্ৰুৱাৰীত ২ মাহৰ বাবে নির্বাচিত শিক্ষার্থীসকলক বিদেশলৈ প্ৰেৰণ কৰা হ'ব য’ত নির্বাচিত শিক্ষার্থীসকলৰ অহা-যোৱা, থকা-লোৱাৰ সমস্ত ব্যয় বহন কৰিব MDSWSয়ে । অহা ৩১ ডিচেম্বৰৰ ভিতৰত ইচ্যুক ছাত্র-ছাত্রীয়ে ছ'চাইটিৰ ই-মেইলত আবেদন কৰিব পাৰিব।

global-scholarship-cum-exposure-programme
৩০ গৰাকী শিক্ষাৰ্থীক প্ৰতিবছৰে বিদেশলৈ পঠাব MDSWS এ

By

Published : Nov 21, 2020, 8:07 PM IST

গুৱাহাটী, ২১ নৱেম্বৰঃ ৰাজ্যৰ সংখ্যালঘু আৰু সাধাৰণ শ্ৰেণীৰ ৩০গৰাকী ছাত্ৰ-ছাত্ৰীক মূলতঃ বহুপাক্ষিক সংস্কৃতি, শিক্ষা, আধ্যাত্মিক বিনিময়, দক্ষতা বিকাশ আৰু গৱেষণাৰ বাবে মাইন’ৰিটী ডেভলপমেন্ট ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিয়ে প্রতিবছৰে নিজা খৰচত প্ৰেৰণ কৰিব বিদেশলৈ।

ASEAN দেশসমূহৰ সহযোগত এই পদক্ষেপ গ্রহণ কৰা ছ'চাইটিয়ে GLOBAL SCHOLARSHIP CUM EXPOSURE PROGRAMME 2021(GSET 2021) নামৰ আঁচনিৰ জৰিয়তে নির্বাচিত শিক্ষার্থীসকলক এই সুবিধা প্রদান কৰিব। এই পদক্ষেপৰ বিষয়ে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে ঘোষণা কৰে ছ'চাইটিৰ সঞ্চালক হাবিব মহম্মদ চৌধুৰীয়ে। সংস্কৃতি, শিক্ষা, আধ্যাত্মিক, দক্ষতা বিকাশ আৰু গৱেষণাকে ধৰি মুঠ পাঁচটা বিষয়ৰ বাবে জলপানি প্রদান কৰা হ'ব শিক্ষাৰ্থীসকলক।

অহা ফেব্ৰুৱাৰীত ২ মাহৰ বাবে নির্বাচিত শিক্ষার্থীসকলক বিদেশলৈ প্ৰেৰণ কৰা হ'ব য’ত নির্বাচিত শিক্ষার্থীসকলৰ অহা-যোৱা, থকা-লোৱাৰ সমস্ত ব্যয় বহন কৰিব MDSWSয়ে। অহা ৩১ ডিচেম্বৰৰ ভিতৰত ইচ্যুক ছাত্র-ছাত্রীয়ে ছ'চাইটিৰ ই-মেইলত আবেদন কৰিব পাৰিব। আবেদন কৰা শিক্ষার্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। শিক্ষার্থীসকলৰ ভাৰতীয় পাছপৰ্ট থকাৰ লগতে স্বাস্থ্যৱান তথা নিৰোগী হ'ব লাগিব। ইয়াৰ বাবে নিৰ্ধাৰণ কৰা অহর্তাসমূহ হৈছে, সাংস্কৃতিক ক্ষেত্রত শিক্ষার্থী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ'ব লাগিব আৰু সংশ্লিষ্ট বিভাগৰ জ্ঞান থাকিব লাগিব। আধ্যাত্মিক ক্ষেত্ৰতো আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ'ব লাগিব আৰু সংশ্লিষ্ট বিভাগৰ জ্ঞান থাকিব লাগিব। শৈক্ষিক ক্ষেত্ৰত আবেদনকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষার্থী হোৱাতো বাঞ্ছনীয়। গৱেষণাৰ ক্ষেত্ৰত আবেদনকাৰী স্নাতক ডিগ্রীধাৰী হ'ব লাগিব। দক্ষতা বিকাশ (কৃষি, বয়ন, ৰেচন) ক্ষেত্ৰত আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱাৰ লগতে কৃষি, ৰেচন, বয়ন বিভাগৰ অধ্যয়নৰত বা এই বিভাগৰ জ্ঞান থকা হ'ব লাগিব। অৰ্হতাসম্পন্ন শিক্ষার্থীসকলে MDSVSৰ ই-মেইল minoritydevelopmentSWS@gmail.comত আবেদন কৰিব লাগিব। আবেদনকাৰীসকলৰ আবেদন পত্রত নিজৰ নাম, বয়স, শিক্ষাগত অৰ্হতা ,আবেদনৰ বিভাগ, শ্ৰেণী, ফোন নম্বৰ, হোৱাটছএপ নম্বৰ, সদ্য উত্তীর্ণ পৰীক্ষাৰ প্রমাণপত্র, অভিভাৱকৰ অনুমতিযুক্ত স্বাক্ষৰ আদি প্রয়োজনীয় সকলো নথি-পত্ৰ থকাতো বাধ্যতামূলক। আবেদনকাৰীসকলক ১২ জনীয়া বিশেষজ্ঞ সমিতিয়ে নির্বাচিত কৰিব।

৩০ গৰাকী শিক্ষাৰ্থীক প্ৰতিবছৰে বিদেশলৈ পঠাব MDSWS এ

উল্লেখ্য যে, গৱেষণা আৰু শৈক্ষিক ক্ষেত্ৰত নির্বাচিত শিক্ষার্থীক ছিংগাপুৰলৈ, দক্ষতা বিকাশ ক্ষেত্ৰত ভিয়েটনামলৈ, আধ্যাত্মিক ক্ষেত্রত থাইলেণ্ডলৈ আৰু সাংস্কৃতিক ক্ষেত্ৰত লাওচলৈ প্ৰেৰণ কৰা হ’ব। আবেদনকাৰীসকলে সবিশেষ জানিবৰ বাবে 8099134300 ফোন নম্বৰ অথবা হোৱাটছএপ নম্বৰ 8822819893ত যোগাযোগ কৰিব পাৰে। আজিৰ সংবাদমেলত MDSWSৰ সঞ্চালক হাবিব মহম্মদ চৌধুৰীয়ে শিক্ষার্থীসকলৰ বৌদ্ধিক তথা জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি ন-চিন্তাৰে সমাজলৈ পৰিৱৰ্তন অনাত এই পদক্ষেপে সহায় কৰিব বুলি আশা ব্যক্ত কৰে। দুমহীয়া শিক্ষাৰ অন্তত শিক্ষার্থীসকল ওভতি আহি নিজ নিজ সম্প্রদায়ৰ মাজত সজাগতা বৃদ্ধিকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে এই ক্ষেত্ৰত MDSWS এ সহায় আগবঢ়াব বুলিও সংবাদমেলত সদৰি কৰে। আজিৰ সংবাদমেলত MDSWSৰ সঞ্চালক হাবিব মহম্মদ চৌধুৰীৰ লগতে উপস্থিত থাকে ছ’চাইটিৰ বিষয়ববীয়া তথা জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞা, লুইত নীল ডন আৰু ফাঁচী বজাৰৰ গুৰুদ্বাৰাৰ এল পি সিং, গুৱাহাটী গুৰুদ্বাৱাৰাৰ সুখবিন্দৰ সিং।
লগতে পঢ়ক:বিটিচিৰ দুৰ্নীতিত হিমন্ত বিশ্ব শৰ্মা-হাগ্ৰামা মহিলাৰীৰ সমান ভাগ আছে : পবিত্ৰ বড়ো

ABOUT THE AUTHOR

...view details