গুৱাহাটী, 3 আগষ্ট: সময়ে সময়ে প্ৰেমৰ নামত হত্যা, এছিড আক্ৰমণ, আত্মহনন আদি বিভিন্ন ঘটনা সংঘটিত হয় । কিন্তু প্ৰেমৰ নামত এনে ঘটনাৰ বিপৰীতে শেহতীয়াভাৱে এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে বস্ত্ৰনগৰী শুৱালকুছিত । বস্ত্ৰনগৰীৰ শুৱালকুছিত এগৰাকী কিশোৰীয়ে প্ৰেমৰ বাবেই সংঘটিত কৰিছে এই শিহৰণকাৰী ঘটনা ৷
আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি শুৱালকুছিৰ এগৰাকী কিশোৰীৰ প্ৰেমিকৰ শৰীৰত ধৰা পৰিছে HIV পজিটিভ ৷ এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি তিনি বছৰ পূৰ্বে ফেচবুক যোগে শুৱালকুছিৰ কিশোৰীগৰাকীৰ হাজোৰ সাতদলৰ এগৰাকী যুৱকৰ সৈতে পৰিচয় ঘটিছিল ৷ ইয়াৰ পাছতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে ৷ প্ৰেম ইমানেই গভীৰ হৈ পৰিল যে তেওঁলোকে পৃথক হৈ থকাটো কল্পনাই কৰিব নোৱাৰা হয় ৷
ইয়াৰ মাজতে এক ভয়ংকৰ খবৰ আহে ৷ প্ৰেমিক যুৱকজনৰ শৰীৰত মাৰাত্মক HIV পজিটিভ ধৰা পৰে । এই কথা কিশোৰীগৰাকীয়ে জানিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে । প্ৰেমিকজন HIV পজিটিভ বুলি জনাৰ পিছতো কিশোৰীগৰাকীয়ে প্ৰেমিকৰ সৈতে তিনিবাৰকৈ পলায়ন কৰে ৷ কিন্তু পৰিয়ালৰ লোকে কিশোৰীগৰাকীক পুনৰ উভতাই লৈ আনে । অৱশেষত কিশোৰীগৰাকীয়ে এক মাৰাত্মক সিদ্ধান্ত গ্ৰহণ কৰি HIV পজিটিভ প্ৰেমিকৰ পৰা চিৰিঞ্জেৰে তেজ লৈ নিজৰ শৰীৰত সুমুৱাই লয় (Girlfriend inserts HIV into her body with syringe at Sualkuchi)৷
এই ঘটনা পোহৰলৈ অহাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বুধবাৰে প্ৰেমিক যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে এই সম্পৰ্কত অনুসন্ধান চলাই থকাৰ পৰিপ্ৰেক্ষিতত কাৰো নাম প্ৰকাশ কৰাৰ পৰা বিৰত আছে (Sualkuchi love story)।
লগতে পঢ়ক:Love Jihad : প্ৰৱঞ্চনাৰে দুই ভগ্নীক যৌন নিৰ্যাতন যুৱকৰ