অসম

assam

ETV Bharat / state

ক্ষেত্ৰীত ডাম্পাৰৰ খুন্দাত কলেজীয়া ছাত্ৰীৰ মৃত্যু - ডিমৰীয়া মহাবিদ্যালয়ৰ মৌচুমী বিশ্বাস

ধোপগুৰিৰ কৰাইগুৰিত মঙলবাৰে পুৱা দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত মৌচুমী বিশ্বাস নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয় ৷ পৰীক্ষা দিবলৈ চাইকেলেৰে মহাবিদ্যালয়লৈ গৈ আছিল ছাত্ৰী গৰাকী ৷ ছাত্ৰী গৰাকীৰ মৃত্যুত বনবিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় লোক ৷ কিন্তু কিয়?

Khetri
মৌচুমী বিশ্বাস

By

Published : Dec 31, 2019, 9:01 PM IST

গুৱাহাটী, 31 ডিচেম্বৰঃমঙলবাৰে পুৱা গুৱাহাটীৰ সমীপৰ আৰক্ষী থানাৰ অন্তৰ্গত ধোপগুৰিৰ কৰাইগুৰিত সংঘটিত এক পথ দুর্ঘটনাত এগৰাকী ছাত্ৰী থিতাতে নিহত হয় ৷ ডিমৰীয়া মহাবিদ্যালয়ৰ মৌচুমী বিশ্বাস নামৰ এগৰাকী ছাত্ৰীয়ে চাইকেলেৰে পৰীক্ষা দিবলৈ আহি থকা অৱস্থাত দ্ৰুতবেগী ডাম্পাৰ এখনে ছাত্ৰী গৰাকীক মহতিয়াই নিয়ে ৷

ঘটনাৰ খবৰ পাই ক্ষেত্ৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰী গৰাকী মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ লগতে ক্ষেত্ৰী আৰক্ষীয়ে দুৰ্ঘটনা সংঘতিত কৰা ডাম্পাৰখনক জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ৷ ইপিনে দুর্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ ৰহস্যজনকভাৱে দুটা নম্বৰ আছিল ৷ সন্মুখৰ নম্বৰটো MZ-05-A-3942 আৰু পাছফালৰ নম্বৰটো TR-08-A-1716 ৷ আনহাতে ছাত্ৰী গৰাকীৰ অকাল মৃত্যুত বনবিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় লোক ৷

ক্ষেত্ৰীত ডাম্পাৰৰ খুন্দাত কলেজীয়া ছাত্ৰীৰ মৃত্যু

কিয়নো অভিযোগ অনুসৰি কলং নদীত আৰক্ষী প্ৰশাসনক মেনেজ কৰি এটা দুস্ত চক্ৰই অবৈধ ভাৱে বালিৰ খনন অব্যাহত ৰাখিছে ৷ যাৰ বাবে দিনে নিশাই গাঁৱৰ পথৰ মাজেৰে ডাম্পাৰৰ দৌৰাত্মত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় ৷ ছাত্ৰীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ লগতে স্থানীয় ৰাইজে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে শ্ল'গান গাই তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ৷

লগতে পঢ়ক - ভাৰত ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় তোৰণ মুকলি

ABOUT THE AUTHOR

...view details