গুৱাহাটী, ২৪ মে’:গুৱাহাটী মহানগৰীৰ তৰুণ নগৰত মঙলবাৰে নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা (Girl dies after falling from 5 storey building) । তৰুণ নগৰত পাঁচ মহলীয়া অট্টালিকাৰ পৰা পৰি অকাল মৃত্যুক আকোঁৱালি লয় এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে । মঙলবাৰে নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হয় এই কৰুণ ঘটনা । স্থানীয় লোকে নিশা কিশোৰীগৰাকীক ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷
তৰুণ নগৰ ৫ নং উপপথৰ জীৱন নিহাৰ এপাৰ্টমেন্টত সংঘটিত হয় এই ঘটনা । জানিব পৰা মতে, এই ঘটনাত থিতাতে মৃত্যু হয় কিশোৰীগৰাকীৰ (Girl falls from building, dies) ৷ স্থানীয় লোকে সদৰী কৰা মতে অট্টালিকাটোৰ দ্বিতীয় মহলাত বাস কৰিছিল কিশোৰীগৰাকীয়ে (Minor Girl dies at Guwahati) । এই ঘটনা সংঘটিত হোৱাৰ সময়ত কিশোৰীগৰাকীৰ ঘৰত তেওঁ পিতৃ-মাতৃ কোনো নথকাৰ কথা জানিব পৰা হৈছে ৷ ইফালে স্থানীয় লোকে অৱগত কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷