অসম

assam

লক্ ডাউনৰ বাবে পিচুৱালে বিয়া : যুৱতীৰ আত্মহত্যা !

By

Published : May 5, 2020, 8:21 PM IST

লক্ ডাউনেই কাল হ'ল এগৰাকী যুৱতীৰ ৷ লক্ ডাউনৰ বাবে ধাৰ্য কৰা বিয়াৰ দিন পিচুৱাই দিয়াৰ বাবে চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী যুৱতীয়ে। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াত।

girl committed suicide for postponing marriage due to lock down
girl committed suicide for postponing marriage due to lock down

গুৱাহাটী, 5 মে' :বিয়া এগৰাকী যুৱতীৰ বাবে যেন অলেখ সপোনৰ সমাহাৰ তথা এটা নতুন জীৱনৰ আৰম্ভণি ৷ তেনে কিছুমান সপোন বুকুত বান্ধিয়েই নতুন জীৱন এটা আঁকোৱালি ল'ব খুজিছিল এইগৰাকী যুৱতীয়ে ৷ 8 মে'ত বিয়া ঠিক হৈছিল গুৱাহাটী মঠঘৰীয়াৰ এই যুৱতী গৰাকীৰ ৷ দৰাঘৰ নলবাৰীত ৷ পিচে লক্ ডাউনে যেন আউল লগালে যুৱতীগৰাকীৰ সপোনত ৷ লক্ ডাউনৰ বাবে দুয়োটা পৰিয়ালে আলোচনা কৰি বিয়া পিছুৱাই দিয়ে ৷

লক্ ডাউনেই কাল হ'ল এগৰাকী যুৱতীৰ

বিয়া পিচুৱাই দিয়া বাবে মানসিকভাৱে ভাগি পৰিল যুৱতীগৰাকী ৷ না-সাজেৰে কইনা সজাৰ সপোন দেখা যুৱতীগৰাকীয়ে ল'লে চৰম সিদ্ধান্ত ৷ মঙলবাৰে পুৱা ঘৰৰ মানুহে উদ্ধাৰ কৰে খিৰিকীত ওলমি ৰোৱা অৱস্থাত যুৱতীগৰাকীৰ নিথৰ দেহ ৷ পৰিয়ালৰ লোকে নুনমাটি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ যুৱতীগৰাকীৰ এই কঠোৰ সিদ্ধান্তই পৰিয়ালৰ লোকৰ লগতে মৰ্মাহত কৰিছে অঞ্চলবাসীক ৷

লগতে পঢ়ক :জৰাজীৰ্ণ ছালিৰ তলত সুখ-দুখৰ সংজ্ঞা বিচাৰিছে এগৰাকী আইতাই !

ABOUT THE AUTHOR

...view details