গুৱাহাটী,১৯ জুনঃ ভুৱা স্বাস্থ্য পৰীক্ষাৰ পঞ্জীয়ন পত্ৰৰ বাবে মালিগাঁৱত আটক দুই যুৱক । যুৱক দুজনে প্ৰথমেই নিৰাপত্তাৰক্ষীক দেখাৰ লগে লগেই পলায়ন কৰে ভয়তে । এই ঘটনাটো সংঘটিত হয় মালিগাঁও ৰে'লৱে চিকিৎসালয়ত ।বুধবাৰে দীপেন ৰয় আৰু প্ৰণৱ কুমাৰ সিনহা নামৰ এই দুই যুৱকে স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছিল মালিগাঁও ৰে'লৱে চিকিৎসালয়লৈ । লোককেইজনৰ গতিবিধি ভাল নেদেখি দেখি সোধ পোচ কৰে নিৰাপত্তাৰক্ষীয়ে । নিৰাপত্তাৰক্ষীক দেখি পলায়ন কৰে মাৰুতি গাড়ীত থকা যুৱকজনে ।
নিৰাপত্তাৰক্ষীৰ ভয়ত চাৰিচকীয়া বাহনতে টকা এৰি পলায়ন যুৱকৰ - assam
মালিগাঁও ৰে'লৱে চিকিৎসালয়ত নিৰাপত্তাৰক্ষীৰ প্ৰশ্নবানৰ ভয়ত বিতত হৈ চাৰিচকীয়া বাহন আৰু বাহনৰ ভিতৰত থকা টকা এৰি পলায়ন কৰে যুৱকে । অৱশেষত আৰক্ষীৰ প্ৰচেষ্টাত আটক হয় যুৱক দুজন ।

নিৰাপত্তাৰক্ষীৰ ভয়ত চাৰিচকীয়া বাহনৰ লগতে টকা এৰি পলায়ন !
নিৰাপত্তাৰক্ষীৰ ভয়ত চাৰিচকীয়া বাহনৰ লগতে টকা এৰি পলায়ন !
পিছত নিৰাপত্তাৰক্ষী কেইজনে মাৰুতিখনত তালাচী চলাই প্ৰত্যক্ষ কৰে ধৃত যুৱকদ্বয়ৰ ভুৱা স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ । তাৰোপৰি মাৰুতিৰ পৰা জব্দ হয় প্ৰায় ৩০ হাজাৰ টকা । পিছত টকাসহ যুৱকদুজনক গটাই দিয়ে কামাখ্যা ৰে'ল আৰক্ষীক। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া । আৰক্ষীয়ে জব্দ কৰা মাৰুতী বাহনখনৰ নম্বৰ 'AS01 V 3919' ।