গুৱাহাটী, ১১ অক্টোবৰ: শুকুৰবাৰে মহানগৰীৰ দিছপুৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কার্যলয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাট মণ্ডল লাচিত ঠাকুৰীয়া ৷ এক গোপন সূত্ৰৰ ভিত্তিতেই অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বৰমটৰীয়া, সৰুমটৰীয়া আৰু ৰুক্মিণীগাঁৱৰ লাট মণ্ডল লাচিত ঠাকুৰীয়াক । জানিব পৰা মতে, লাট মণ্ডল লাচিত ঠাকুৰীয়াই এজন লোকৰ পৰা 6 টা বিল্ডিং বিক্ৰীৰ অনুমতিৰ বাবে লোকজনৰ পৰা লৈছিল নগদ 8 হাজাৰ টকা ৷ লগতে প্ৰথম কিস্তিত লৈছিল 15 হাজাৰ টকাৰ ঘোচ ।
দিছপুৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাট মণ্ডল - দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়
এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়ৰ পৰা হাতে লোটে গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল ৷
দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাট মণ্ডল
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি উক্ত কার্যলয়ত একাংশ দালালৰ সহযোগত লাট মণ্ডলগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰা পেলায় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লাচিত ঠাকুৰীয়াক ৷