গুৱাহাটী,২৮ জুন: গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰাৰ দাবীত সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদ(Protest demanding prevention of artificial floods) । মঙলবাৰে লতাশিলৰ শ্বহীদ ন্যাসৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ । শতাধিক আছু কর্মীয়ে গুৱাহাটীৰ বিধ্বস্ত বাট পথ,নলা নৰ্দমা পুণৰ নিৰ্মাণ কৰক,বিজ্ঞানসন্মত ভাৱে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰক,GMDA হায় হায় আদি শ্লোগান দি হাতে-হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে কয় যে চৰকাৰে স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিব বিচৰা অসমৰ ৰাজধানী গুৱাহাটী মহানগৰ এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় আৰু মহানগৰবাসীয়ে কৃত্রিম বানৰ ফলত যমৰ যাতনা ভুগিব লগা হয়(Flood in Guwahati) । বিজ্ঞানসন্মত আৰু পৰিকল্পিতভাৱে কৃত্রিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৱাহাটী উন্নয়ন বিভাগ, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ লগতে গুৱাহাটী মহানগৰ উন্নয়নৰ লগত জড়িত বিভিন্ন বিভাগ সমূহো চূড়ান্তভাৱে ব্যৰ্থ হৈছে ।