গুৱাহাটী, 5 নৱেম্বৰ : কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাই লাভ কৰিছে আন্তৰ্জাতিক স্বীকৃতি ৷ বিশ্ববিদ্যালয়খনৰ কাঠফুলাৰ বিশেষ গৱেষণাই (Specialty Mushroom)জাৰ্মান পেটেণ্টৰ স্বীকৃতি লাভ কৰি (German Patent office)দেশৰ ঔষধৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে ।
জাৰ্মান পেটেণ্ট অফিচে ভাৰত চৰকাৰৰ সহযোগত কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ে(Bodoland University) খেতি কৰা কাঠফুলাৰ ওপৰত কৰা এন্টিমাইক্ৰ'বিয়াল, এন্টিডায়েবেটিক আৰু এন্টিঅক্সিডেন্ট প্ৰভাৱৰ সৈতে সোণৰ নেনোকণা সংশ্লেষণৰ গৱেষণামূলক কামলৈ পেটেণ্ট প্ৰদান কৰিছে ।
বিশ্ববিদ্যালয়খনৰ জৈৱ প্ৰযুক্তি বিভাগৰ গৱেষণা কেন্দ্ৰত যোৱা ৮ বছৰৰ ধৰি এবিধ নিৰ্দিষ্ট উচ্চমানৰ ছুপাৰ কাঠফুলাৰ বিষয়ে বিশেষ গৱেষণা হৈ আহিছিল । এই গৱেষণা কৰ্মত জড়িত হৈ আছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিক্ষানুষ্ঠান আৰু গৱেষণানুষ্ঠানৰ ভালে কেইজন গৱেষক ৷
বড়োলেণ্ড ইউনিভাৰ্ছিটিৰ প্ৰফেচৰ সন্দীপ দাস, ভাস্কৰ বিশ্বাস আৰু ড°ৰাজু আলি, গোৱা কলেজ অব্ ফাৰ্মাচীৰ ড° শৈলেন্দ্ৰ গৌৰৱ আৰু ড° গিৰিশ গাৱাছ, ICAR- National Institute of High-Security Animal Diseases, Madhya Pradeshৰ ড° প্ৰদীপ গান্ধালে, তামিলনাডুৰ A. V. V. M Sri Pushpam নামৰ কলেজ এখনৰ ড° ছিংগামূৰ্তি আৰু ড° মুন্নিয়াপান আয়ান্নাৰ যৌথ গৱেষণাই লাভ কৰিছে এই স্বীকৃতি ৷
এই বিশেষ প্ৰজাতিৰ কাঠফুলাৰ সোণৰ নেনোকণাবোৰে(Gold Nanoparticles) উৎকৃষ্ট এন্টিমাইক্ৰ’বিয়াল, এন্টিডায়েবেটিক আৰু এন্টিঅক্সিডেন্ট বৈশিষ্ট্য আৰু গুণ দেখুৱাইছিল । জৈৱ প্ৰযুক্তি বিভাগৰ গৱেষক বিশেষজ্ঞ তথা অধ্যাপক সন্দীপ দাসৰ তত্বাৱধানত ভাৰতৰ পূব হিমালয় বেল্টত পোৱা বন্য কৰ্ডিচেপছ কাঠফুলাৰ জিনীয় বৈচিত্ৰ্য আৰু ঔষধি গুণৰ ওপৰত ব্যাপকভাৱে ৮ বছৰ ধৰি কাম কৰি আহিছে ।