অসম

assam

ETV Bharat / state

George Bordoloi suicide case : পৱন বৰঠাকুৰৰ নেতৃত্বত তিনিজনীয়া তদন্ত সমিতি গঠন - জৰ্জ বৰদলৈৰ আত্মহত্যা

চৰ্চাত জৰ্জ বৰদলৈৰ আত্মহত্যাৰ প্ৰসংগ (George Bordoloi suicide case) ৷ জৰ্জ বৰদলৈৰ মৃত্যুক কেন্দ্ৰ কৰি ভূমি দখলৰ এটা বিষয়টো জড়িত হৈ পৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰিছে ৷

George Bordoloi suicide case
পৱন বৰঠাকুৰৰ নেতৃত্বত তিনিজনীয়া তদন্ত সমিতি গঠন

By

Published : May 27, 2022, 12:39 PM IST

গুৱাহাটী, ২৭ মে’ :জৰ্জ বৰদলৈৰ আত্মহত্যাৰ (George Bordoloi suicide case) পিছতে পোহৰলৈ আহিছে ন ন তথ্য । ডনবস্ক’ বিশ্ববিদ্যালয়ে অবৈধভাৱে ৩০০ বিঘা মাটি দখল কৰি থকাৰ তথ্য বৰ্তমান পোহৰলৈ আহিছে । ইয়াৰ পিছতে ৰাজ্য চৰকাৰে গঠন কৰে তিনিজনীয়া তদন্ত সমিতি ।

উদ্যোগী জৰ্জ বৰদলৈৰ আত্মহত্যা আৰু তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি ভূমি দখলৰ বিষয়টো জড়িত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত গঠন কৰা হৈছে এই তিনিজনীয়া তদন্ত সমিতিখন ।

এই সমিতিয়ে সোণাপুৰ ৰাজহ চক্ৰৰ অধীনত ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ভূমি দখলৰ বিষয়টো তদন্ত কৰিব ।

এই তদন্ত সমিতিৰ আন দুগৰাকী সদস্য হৈছে ৰাজহ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠী আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । এই সমিতিয়ে উক্ত অভিযোগৰ বিষয়ে তদন্ত কৰিব আৰু সত্য প্ৰমাণিত হ’লে সমিতিয়ে মাটি উদ্ধাৰৰ সম্পৰ্কত পৰামৰ্শ আগবঢ়াব ।

লগতে পঢ়ক :George Bordoloi suicide case: ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ষ্টীফেন মেভলিক আটক

ABOUT THE AUTHOR

...view details