গুৱাহাটী, 15 ছেপ্টেম্বৰঃ মহানগৰীত সক্ৰিয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মহানগৰ আৰক্ষী ৷ শনিবাৰে নিশা গীতানগৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সহ 6 জন ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে অমৰ সিং, তেওঁৰ পুত্ৰ ৰবি সিং, দ্বীপ চেত্ৰি, বিনোদ বাৰ্মা, মৃণ্ময় মিশ্ৰ, আৰু বিশাল সিং৷
মহানগৰীত ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - আৰক্ষীৰ অভিযান
গীতানগৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সহ 6 জন ড্ৰাগছ সৰবৰাহকাৰী৷
উল্লেখ্য যে চান্দমাৰী সংমণ্ডলৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পুতুল বৈশ্য আৰু গীতানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিদানন্দ বৰাৰ নেতৃত্বত চলোৱা অভিযানত এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰা হয় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নবীন নগৰৰ পৰা আটক কৰে আটাইকেইজন ড্ৰাগছ সৰবৰাহকাৰীক। তথ্য অনুসৰি ধৃত অমৰ সিঙে দীৰ্ঘদিন নবীন নগৰৰ এটা ঘৰত ভাড়াতীয়া হিচাপে বাস কৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল । আৰক্ষীয়ে অমৰ সিঙৰ ঘৰৰ পৰা 36 তাকৈ হেৰোইন ভৰ্তি কনটেইনাৰ জব্দ কৰে ৷ সম্প্ৰতি আটকাধীন আটাইকেইজনকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে থানাত জেৰা অব্যাহত ৰাখিছে।