অসম

assam

পিতৃ বিজেপি,মাতৃ কংগ্ৰেছ,পুত্ৰই ঠেং দাঙিছে অগপলৈ

By

Published : Oct 17, 2020, 1:45 PM IST

অসমৰ ৰাজনীতিৰ এটা বিশেষ পৰিয়াল ৷ যিটো পৰিয়ালৰ তিনিজন সদস্যই নিজা নিজা ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে তিনিটা ভিন্ন মেৰুত । পৰিয়ালটো এটা সময়ত কংগ্ৰেছ দলৰ বাবে গুৰুত্বপূৰ্ণ পৰিয়াল আছিল । কিন্তু কংগ্ৰেছত থাকি ৰাজনৈতিক অভীপ্সা পূৰণ নোহোৱাৰ সম্ভাৱনা দেখি এতিয়া শিবিৰ বিভক্ত হৈছে এই পৰিয়ালটো ।

gautam roy family
gautam roy family

গুৱাহাটী, ১৭ অক্টোবৰ : অসমৰ ৰাজনীতিত এটা আমোদজনক পৰিয়াল । যিটো পৰিয়ালৰ তিনিজন সদস্যই নিজা নিজা ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে তিনিটা ভিন্ন মেৰুত । পৰিয়ালটো এটা সময়ত কংগ্ৰেছ দলৰ বাবে গুৰুত্বপূৰ্ণ পৰিয়াল আছিল । কিন্তু কংগ্ৰেছত থাকি ৰাজনৈতিক অভীপ্সা পূৰণ নোহোৱাৰ সম্ভাৱনা দেখি এতিয়া শিবিৰ বিভক্ত হৈছে এই পৰিয়ালটো ।

পত্নী মন্দিৰা ৰয়ৰ সৈতে গৌতম ৰয়

নিজকে বৰাকৰ ৰজা বুলি জহাই ফুৰা প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন কংগ্ৰেছ নেতা গৌতম ৰয়ৰ পৰিয়ালৰ কথাই কোৱা হৈছে । একাধিকবাৰ কাটলিচেৰা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে বিধায়ক হৈ অহা গৌতম ৰয় হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ পৰা আৰম্ভ কৰি তৰুণ গগৈৰ মন্ত্ৰীসভালৈকে সকলোতে গুৰুত্বপূৰ্ণ স্থান পাইছিল ।

গৌতম ৰয়

কিন্তু বিগত বৰ্ষত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়ে গৌতম ৰয়ে । আনহাতে, বৰাকৰে আন এটা সমষ্টি আলগাপুৰ,যিটো সমষ্টি সুদীৰ্ঘ সময়জুৰি পৰিচিত আছিল অসম গণ পৰিষদৰ দূৰ্গ স্বৰূপে ৷ সেই সমষ্টিটোৰ পৰাও এটা কাৰ্যকালৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ আহিছিল গৌতম ৰয়ৰ পত্নী মন্দিৰা ৰয় ৷ অৱশ্যে স্বামীয়ে বিজেপিত যোগ দিলেও পত্নী কিন্তু এতিয়াও কংগ্ৰেছতে আছে ।

ৰাহুল ৰয়

ইপিনে, গৌতম-মন্দিৰাৰ পুত্ৰ ৰাহুল ৰয়,যি নেকি মাতৃৰ কাৰ্যকাল শেষ হোৱাৰ পিছত আলগাপুৰৰ পৰা কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ আহিছিল । ৰাহুল ৰয় এতিয়াও কংগ্ৰেছৰে সদস্য । কিন্তু খুব সোনকালেই তেওঁ যোগ দিব অগপত । অগপৰ এক শীৰ্ষ সুত্ৰই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই খবৰ । অগপই এসময়ত নিজৰ দখলত থকা আলগাপুৰ ২০২১ ত ঘূৰাই অনাৰ বাবেই এই অংক কৰিব বিচাৰিছে । ৰাহুল ৰয়ক আলগাপুৰৰ পৰা অগপই প্ৰাৰ্থিত্ব দি সমষ্টিটো পুনৰ নিজৰ দখললৈ অনাৰ সমীকৰণ আৰম্ভ কৰিছে ।

লগতে পঢ়ক :ডিচেম্বৰত অনুষ্ঠিত হ’ব বি টি চি নিৰ্বাচন

ABOUT THE AUTHOR

...view details