গুৱাহাটী, 26 ফেব্ৰুৱাৰীঃআইএএছ চৌহান দলে আৰু গৌতম বৰুৱাই শ্ৰমিকৰ ছাত্ৰ–ছাত্ৰীৰ মাজত লিফলেট আৰু বুকলেট দিয়াৰ বাবে ঠিকা প্ৰদান কৰিছিল এক প্ৰিন্টিং হাউছক ৷ কিন্তু প্ৰকৃততে চপা নহ'ল ১২১ কোটি টকাৰ লিফলেট আৰু বুকলেট ৷ তাৰ পিচতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ তদন্তত পোহৰলৈ আহিল আইএএছ চৌহান দলে, গৌতম বৰুৱা আৰু প্ৰিয়াংসু বৈৰাগীৰ বিৰুদ্ধে ১২১ কোটি টকা লুণ্ঠনৰ তথ্য ৷ গ্ৰেপ্তাৰ কৰা হৈছিল তদানীন্তন শ্ৰম আয়ুক্ত চৌহান দলে, প্ৰশাসনীয় বিষয়া নগেন্দ্ৰ নাথ চৌধুৰী আৰু প্ৰিয়াংসু বৈৰাগী নামৰ তিনিজন অভিযুক্তক ৷ কিন্তু প্ৰশাসনক ধূলি দি পলায়ন কৰিছিল অভিযুক্ত গৌতম বৰুৱাই ৷ যাৰ বাবে ২০১৮ চনত বিশেষ আদালতে গৌতম বৰুৱাক পলাতক ঘোষণা কৰে ৷
আদালতত হাজিৰ গৌতম বৰুৱাক - বৃহৎ কেলেংকাৰিত অভিযুক্ত গৌতম বৰুৱা
দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ সহযোগত গ্ৰেপ্তাৰ হয় ১২১ কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত পলাতক অৱস্থাত থকা গৌতম বৰুৱা ৷ নতুন দিল্লীৰ আদালতত গৌতম বৰুৱাক হাজিৰ কৰি পোনে পোনে অনা হয় গুৱাহাটীলৈ ৷ বুধবাৰে বিশেষ আদালতত হাজিৰ কৰা হয় এই বৃহৎ কেলেংকাৰিত অভিযুক্ত লোকগৰাকীক ৷
অভিযুক্ত গৌতম বৰুৱাক আটক
অৱশেষত দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ সহযোগত গ্ৰেপ্তাৰ কৰা হয় গৌতম বৰুৱাক ৷ মঙলবাৰে নতুন দিল্লীৰ আদালতত গৌতম বৰুৱাক হাজিৰ কৰি পোনে পোনে অনা হয় গুৱাহাটীলৈ ৷ বুধবাৰে বিশেষ আদালতত হাজিৰ কৰা হয় এই বৃহৎ কেলেংকাৰিত অভিযুক্ত গৌতম বৰুৱাক ৷ বিশেষ আদালতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত ৬ দিনৰ বাবে গটাই দিয়ে আটকাধীন লোকজনক ৷
লগতে পঢ়কঃকপিল মিশ্ৰা, অনুৰাগ ঠাকুৰ আৰু প্ৰভেশ বৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশনা