অসম

assam

By

Published : Apr 7, 2019, 12:13 PM IST

ETV Bharat / state

স্মাৰ্ট মহানগৰ আৰক্ষীৰ নিকৃষ্ট কাণ্ড !

গৌশালা আৰক্ষীয়ে এজাহাৰ দাখিল কৰিবলৈ অহা অসহায় বৃদ্ধাক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ এগৰাকী বৃদ্ধাৰ ৷

স্মাৰ্ট মহানগৰ আৰক্ষীৰ নিকৃষ্ট কাণ্ড !

গুৱাহাটী, 7 এপ্ৰিল : গৌশালা আৰক্ষীৰ দায়িত্বজ্ঞানহীন কাণ্ড ! সাধাৰণ লোকৰ সৈতে অসম আৰক্ষীৰ কথা পাতিবলৈ সময় নোহোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷ গৌশালা আৰক্ষীয়ে এজাহাৰ দাখিল কৰিবলৈ অহা অসহায় বৃদ্ধাক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ এগৰাকী বৃদ্ধাৰ ৷

স্মাৰ্ট মহানগৰ আৰক্ষীৰ নিকৃষ্ট কাণ্ড !

বিগত মাহৰ 15 তাৰিখে অনুপমা তালুকদাৰ নামৰ এগৰাকী বৃদ্ধাই গৌশালা আৰক্ষী চকীলৈ এজাহাৰ দাখিল কৰিবলৈ আহিছিল ৷ বৃদ্ধা গৰাকীৰ অভিযোগ অনুসৰি মহানগৰীৰ তেতেলীয়াত জীয়ৰীৰ শহুৰৰ পৰিয়ালে মাৰধৰ কৰিছিল বৃদ্ধাগৰাকীক ৷ সেই সংক্ৰান্তত অসহায় বৃদ্ধাগৰাকীয়ে সহায় বিচাৰি আৰক্ষীৰ কাষ চাপিছিল ৷ কিন্তু বৃদ্ধাগৰাকীৰ অভিযোগ অনুসৰি তেখেতৰ লগত কথা পাতিবলৈ সময় নহ'ল গৌশালা আৰক্ষী চকীৰ আৰক্ষী বিষয়া অজিত মালীৰ । বৰঞ্চ বৃদ্ধাগৰাকীক আৰক্ষী বিষয়াগৰাকীয়ে দুঃব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰে বৃদ্ধা গৰাকীয়ে ৷ সেয়ে উপায়ন্তৰ হৈ অৱশেষত বৃদ্ধাগৰাকীয়ে নিজাববীয়াকৈ চিকিৎসা কৰি নলবাৰী আদালতৰ কাষ চাপে ৷ কেৱল ইমানেই নহয় অভিযোগ অনুসৰি এইগৰাকী অজিত মালী গৌশালা আৰক্ষী চকীৰ হৰ্তাকৰ্তা বিধাতা ৷ নিজৰ পছন্দ নহ'লে এইজনা আৰক্ষী বিষয়াই কোনো এজাহাৰকাৰীৰ ফালে ঘূৰি নোচোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ তাৰোপৰি শীৰ্ষ আৰক্ষীৰ লগত মিতিৰালি কৰি কেইবা বছৰো একেখন থানাতে কাৰ্যনিৰ্বাহক কৰি থকাৰো অভিযোগ আছে এই গৰাকী আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে । এতিয়া প্ৰশ্ন হয় আৰক্ষীয়ে যদি এনেধৰণৰ ব্যৱহাৰ কৰে তেন্তে কাৰ ওচৰলৈ ন্যায় বিচাৰি যাব সাধাৰণ জনতা ৷ জনহিত জনসেৱাৰ্থৰ মানসেৰে অনাগত দিনত এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে উৰ্ধতম কৰ্তৃপক্ষই ৷

ABOUT THE AUTHOR

...view details