অসম

assam

ETV Bharat / state

কৰ'ণা প্ৰতিৰোধৰ ক্ষেত্ৰত কেন্দ্ৰই লোৱা ব্য়ৱস্থাত অসন্তুষ্ট গৌৰৱ গগৈ - Gaurav gogoi angry on Govtment for not giving any special package to protect from Corona

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে পূৰ্বেই কৰ'ণাৰ ভয়াৱহতাৰ অনুমান কৰি চৰকাৰক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে সময়ত একো ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপিত কৰে সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈ
গৌৰৱ গগৈ

By

Published : Mar 24, 2020, 5:40 AM IST

Updated : Mar 24, 2020, 9:14 AM IST

গুৱাহাটী, 24 মাৰ্চ: কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে লোৱা ব্যৱস্থা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে। মহামাৰী কৰ'ণা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ কোনো পুঁজি ঘোষণা নকৰাক লৈ কেন্দ্ৰৰ ওপৰত সৰৱ হৈ পৰে সাংসদগৰাকী। দিল্লী, পঞ্জাৱ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আদিকে ধৰি বিভিন্ন ৰাজ্যত ইতিমধ্যেই ল'ক ডাউন দিছে। কিন্তু এই ল'ক ডাউনৰ ফলত খাটি খোৱা শ্ৰেণীটো বহু সমস্যাৰ সন্মুখীন হ'ব বুলি উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈ

তেনে সৰু শ্ৰেণীৰ লোকসকলৰ বাবে কিবা ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই সাংসদগৰাকীয়ে। তেওঁ লগতে কয় যে "ৰাইজে নিজৰ কৰণীয়খিনি কৰিব, কিন্তু চৰকাৰে কৰিবলগীয়া ব্যৱস্থাখিনি শীঘ্ৰে ল'ব লাগে ৷ " তাৰোপৰি কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে পূৰ্বেই কৰ'ণাৰ ভয়াৱহতাৰ অনুমান কৰি চৰকাৰক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে সময়ত একো ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপিত কৰে সাংসদ গৌৰৱ গগৈয়ে।

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছৰ বাবে কেন্দ্ৰৰ বিশেষ পেকেজ ঘোষণা

Last Updated : Mar 24, 2020, 9:14 AM IST

ABOUT THE AUTHOR

...view details