গুৱাহাটী,১ এপ্ৰিল : হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে দুনীতিৰ তথ্য-প্ৰমাণ আছে যদি কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ? এই প্ৰশ্ন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভৰ।
হিমন্ত বিশ্ব শৰ্মাৰ লগত কেনে ধৰণৰ মিতিৰালি ভাস্কৰ জ্যোতি মহন্তৰ ! কংগ্ৰেছৰ নেতৃত্বধীন বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ মুখপাত্ৰজনে কয়- "মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ তথ্য-প্ৰমাণ থকা বুলি কোৱাৰ দুদিন পাচত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো তথ্য-প্ৰমাণ থকাৰ কথা কৈছে।" দুয়োজনৰ মাজত কি যোগসূত্র আছে বুলি সন্দেহ প্ৰকাশ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীয়ে ।
"তথ্য-প্ৰমাণ আছে যদি ব্যৱস্থা গ্ৰহণ নকৰে কিয় ? কোনে হাত বান্ধি ৰাখিছে আৰক্ষী সঞ্চালক প্ৰধানৰ। এনেধৰণৰ বক্তব্য দাঙি ধৰাটো সংযোগ নে প্ৰয়োগ। আৰক্ষী সঞ্চালক প্ৰধানে এনেদৰে বক্তব্য দাঙি ধৰি গণতন্ত্রক দুৰ্বল কৰিছে"- গৌৰৱ বল্লভে কয় ৷
লগতে তেওঁ কয়, বিজেপিক ইমান হতাশ-নিৰাশ কেতিয়াও দেখা নাই। তেওঁলোকে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিপিএফৰ প্ৰাৰ্থী ৰামদাস বসুমতাৰীক তেওঁলোকে ভয়-ভাবুকি দিছে। দুটা দিনত তেওঁৰ সৈতে হোৱা ফোনকলৰ তথ্য নিৰ্বাচন আয়োগে ৰাজহুৱা কৰক। সকলো কথা স্পষ্ট হৈ পৰিব বুলি ক্ষোভ প্ৰকাশ কৰে গৌৰৱ বল্লভে ৷
লগতে পঢ়ক: ছেল্ফী বিশেষ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কিছু উৎসাহী ভোটাৰ