অসম

assam

ETV Bharat / state

দৰিদ্ৰ শিক্ষাৰ্থীৰ ঘৰ ভাড়া ৰেহাইৰ দাবী গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ - শিক্ষাৰ্থীৰ ঘৰ ভাড়া ৰেহাইৰ দাবী উত্থাপন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

দৰিদ্ৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ ঘৰ ভাড়া ৰেহাইৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

Gauhati University students' union appeal to waive rent for poor students
শিক্ষাৰ্থীৰ ঘৰ ভাড়া ৰেহাইৰ দাবী উত্থাপন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

By

Published : Apr 29, 2020, 4:36 PM IST

গুৱাহাটী,29 এপ্ৰিলঃ কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি আছে লক্​ ডাউন। এই সময়চোৱাত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ জনতা । তাৰোপৰি ভাড়াত থাকি বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকল এতিয়া চিন্তিত হৈ পৰিছে। কিয়নো লক্​ ডাউন খোলাৰ পিছতে ঘৰ অথবা আৱাস-নিৱাসৰ মাছুল পৰিশোধ কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক ঘৰ ভাড়াৰ ক্ষেত্ৰত ৰেহাই দিবলৈ দাবী উত্থাপন কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই।

শিক্ষাৰ্থীৰ ঘৰ ভাড়া ৰেহাইৰ দাবী উত্থাপন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে বহু শিক্ষাৰ্থী আছে যিসকলৰ পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ঘৰ ভাড়া ৰেহাই দিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ দাবী জনাইছে বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে । ইফালে এই সন্দৰ্ভত ৰাজ্যৰ আটাইকেইখন বিশ্ববিদ্যালয় একত্ৰিত হৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷


লগতে পঢ়কঃজনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু

For All Latest Updates

ABOUT THE AUTHOR

...view details