গুৱাহাটী, 12 মে' : লক্ ডাউনৰ বাবে বিগত দুমাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান ৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠান সমূহত অনলাইন পাঠদান অব্যাহত ৰাখিছে যদিও সেই ব্যৱস্থাই সামৰি ল'ব পৰা নাই ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ বহুবোৰ শিক্ষাৰ্থীক ৷
তেনেক্ষেত্ৰত অনলাইন মাধ্যমৰ জৰিয়তে পাঠদান কৰি আগন্তুক জুন মাহৰ ভিতৰত পৰীক্ষা দিয়াটো ছাত্ৰ-ছাত্ৰীৰ বাবে সম্ভৱপৰ নহয় ৷ জুন মাহত অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাক বিৰোধিতা কৰি মংগলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰে ৷