অসম

assam

ETV Bharat / state

তেজেৰে ইতিহাস লিখি 'আকৌ শৰাইঘাটলৈ' গুৱাহাটী বিশ্ববিদ্যালয় - akou saraighat at gauhati university

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত একত্ৰিত হৈ একে মুখে ধিক্কাৰ দিলে চৰকাৰক ৷

gauhati university protest against cab
কেবৰ বিৰুদ্ধে ৰণডংকা বাজিল গুৱাহাটী বিশ্ববিদ্যালয়ত

By

Published : Dec 9, 2019, 7:49 PM IST

Updated : Dec 9, 2019, 8:20 PM IST

গুৱাহাটী, 9 ডিচেম্বৰঃ

বাজক ডবা, বাজক শংখ,
বাজক মৃদং- খোল
অসম আকৌ উন্নতিৰ পথত
জয় আই অসম বোল

জাতিৰ সংকট কালত গুৱাহাটী বিশ্ববিদ্যালয়ত ধ্বনিত হ'ল জাতি ৰক্ষাৰ মন্ত্ৰ ৷ জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত একত্ৰিত হৈ একে মুখে ধিক্কাৰ দিলে চৰকাৰক ৷ নাগৰিকত্ব সংশোধনী বিধেয়কেৰে অসমীয়া জাতি-সংস্কৃতিক বিপন্ন কৰিব খোজা চৰকাৰখনক ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু একাংশ শিল্পী-সাহিত্যিকে সঁকিয়াই দিলে অসম মাতৃৰ বুকুত কুঠাৰঘাত নকৰিবলৈ ৷

কেবৰ বিৰুদ্ধে ৰণডংকা বাজিল গুৱাহাটী বিশ্ববিদ্যালয়ত

জাতি ৰক্ষাৰ সংকল্পৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তেজেৰে অসমীয়া স্বৰ-বৰ্ণ লিখি প্ৰতিবাদ সাব্যস্ত কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ ইয়াৰ লগতে গুঞ্জৰিত হ'ল অসমীয়াৰ বুকুৱে বুকুৱে থকা অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' ৷

কেবৰ বিৰুদ্ধে ৰণডংকা বাজিল গুৱাহাটী বিশ্ববিদ্যালয়ত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই ওলাই আহিল দীক্ষু, আচুৰ্য বৰপাত্ৰ, প্ৰণৱ কুমাৰ বৰ্মন ৷ জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰণৱ কুমাৰ বৰ্মনে কবিতা পাঠ আৰু দীক্ষুৱে গীতৰ জৰিয়তে চৰকাৰক আহ্বান জনায় বিধেয়কখন গৃহীত নকৰিবলৈ ৷ ইয়াৰ সমান্তৰালকৈ আচুৰ্য বৰপাত্ৰইও বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৷

কেবৰ বিৰুদ্ধে ৰণডংকা বাজিল গুৱাহাটী বিশ্ববিদ্যালয়ত

লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ সমষ্টিত ঠুৱাই-ঠুৱাই প্ৰতিবাদ যুৱতীৰ

Last Updated : Dec 9, 2019, 8:20 PM IST

ABOUT THE AUTHOR

...view details