গুৱাহাটী, 9 জুন: ধাৰাবাহিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰীক দুৰ্বৃত্তৰ শ্লীলতা হানিৰ ঘটনা । ছাত্ৰসমাজৰ প্ৰতিবাদৰ পিছতেই নিৰাপত্তাৰ ক্ষেত্ৰত তৎপৰ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । নিৰাপত্তাৰ দিশত গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয়ৰ ভিতৰত সন্ধিয়া 6 বজাৰ পাচত অন্য বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা । বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা শিক্ষাৰ্থীৰ বাদে অন্য বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । তাৰোপৰি বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত লগোৱা হৈছে চিচি কেমেৰা। কিন্তু ইমানৰ পাচতো সুৰক্ষিত নহয় ছাত্ৰী ।
বৰ্তমানেও সুৰক্ষিত নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! - গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা । বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা শিক্ষাৰ্থীৰ বাদে অন্য বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷
বৰ্তমানেও সুৰক্ষিত নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী!
বিশ্ববিদ্যালয়ৰ কটকটীয়া নিৰাপত্তাৰ পাচতেই এইবাৰ বিশ্ববিদ্যালয়ৰ বাহিৰত সংঘটিত হৈছে ছাত্ৰী নিৰ্যাতনৰ ঘটনা । শনিবাৰে বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰত পুনৰ ছাত্ৰীক নিৰ্যাতন হোৱা ঘটনাই চিন্তাত পেলাইছে সচেতন মহলক ৷ যাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ লগতে ছাত্ৰী সকলে শীঘ্ৰে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাই ।