গুৱাহাটী, 10 নৱেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে ঋতুস্ৰাৱৰ সময়ত মাহেকীয়া ছুটীৰ ব্যৱস্থা কৰিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তত বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে ৷
উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে 9 নৱেম্বৰত জাৰি কৰা নিদেৰ্শনা অনুযায়ী শিক্ষা মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় (এমডব্লিউচিডি) ৰ নিৰ্দেশনা অনুসৰি পত্ৰ নং. F.O. 17-8/2023/U. 5 তাৰিখ 16.08.2023 অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদত অনুমোদন সাপেক্ষে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিভাগসমূহৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত মহাবিদ্যালয়সমূহৰ বাবে নিম্নতম শ্ৰেণী উপস্থিতিৰ ক্ষেত্ৰত 'মাহেকীয়া ছুটী' হিচাপে মহিলা শিক্ষাৰ্থীসকলৰ বাবে 2 শতাংশ ৰেহাইৰ অনুমতি প্ৰদান কৰিছে ৷ সেয়েহে ষাণ্মাসিক পৰীক্ষাত বহিবলৈ ছাত্ৰী সকলৰ বাবে নিম্নতম শ্ৰেণী উপস্থিতি হ'ব 73 শতাংশ ৷
লক্ষণীয় যে ষাণ্মাসিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সকলো শিক্ষাৰ্থীৰ বাবে নিম্নতম শ্ৰেণী উপস্থিতি 75 শতাংশ নিৰ্ধাৰণ কৰা আছে ৷ কিন্তু এতিয়াৰ পৰা ষাণ্মাসিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ মহিলা শিক্ষাৰ্থীসকলৰ বাবে নিম্নতম শ্ৰেণী উপস্থিতি হ'ব 73 শতাংশ ৷ উল্লেখ্য যে এনেধৰণৰ সিদ্ধান্ত অসমত প্ৰথমবাৰৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল ৷ এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় দ্বিতীয় ৷