গুৱাহাটী,5 ডিচেম্বৰ:দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ২১টাকৈ পাঠ্যক্ৰম অনুমোদনবিহীন ভাৱে চলাই থকাৰ তথ্য কেগে প্ৰকাশ কৰাৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলৰ অন্তৰ্গত হাজাৰ হাজৰ ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি ৷ এইক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কঠোৰ পদক্ষেপ ল'বলৈ লিখিতভাৱে দাবী জনাইছিল গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই। ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অনিশ্চয়তা কঢ়িয়াই অনা আইডলৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷ ইতিমধ্যেই এই সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত হৈ যায় কাৰ্যবাহী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত জম্মু কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আলটাফ হুছেইন শইকীয়াৰ নেতৃত্বত গঠন কৰা হয় এখনি তদন্ত কমিটি ৷ তাৰোপৰি আইডলৰ দুই প্ৰাক্তন সঞ্চালক ক্ৰমে কন্দৰ্প দাস আৰু অধ্যাপক অশোক কুমাৰ বৰাকো নিজ নিজ দায়িত্বৰ পৰা অপসাৰণ কৰা হয়। লগতে আইডলৰ বৰ্তমানৰ সঞ্চালক ড০ অমৃত চৌধুৰীকো তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ বিভিন্ন সুবিধা কৰ্তন কৰা হয়।
আইডল কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী বিশ্ববিদ্যালয় আছুৰ - জম্মু কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আলটাফ হুছেইন শইকীয়া
অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আলটাফ হুছেইন শইকীয়াক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আইডলৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৷ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী বিশ্ববিদ্যালয় আছুৰ ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী বিশ্ববিদ্যালয় আছুৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী বিশ্ববিদ্যালয় আছুৰ
বিশ্ববিদ্যালয়ৰ এই সিন্ধান্তক আদৰণি জনাইছে বিশ্ববিদ্যালয়ৰ আছু গোটে। লগতে এই বিষয়টোৰ সন্দৰ্ভত ক্ষীপ্ৰতাৰে তদন্ত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শংকা দূৰ কৰাৰ লগতে এই দুৰ্নীতিৰ লগত জড়িত সকলো বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ দাবী জনাই আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গোপাল দাসে।
লগচে চাওকঃশিৱসাগৰৰ শিমলুগুৰিত বৰমৌৰ সন্ত্ৰাস
TAGGED:
Gauhati University IDOL scam