গুৱাহাটী, ৫ মাৰ্চ:গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতেহে সাৰ পালে ৰাজ্য় চৰকাৰে (Gauhati High Court)। শাক-পাচলিত ৰাসায়নিক দ্ৰব্যৰ মাত্রাধিক ব্যৱহাৰৰ অভিযোগ নতুন নহয় যদিও এই ক্ষেত্রত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল অসম চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই । শেহতীয়াকৈ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পাচত জনস্বাস্থ্যৰ বাবে ভাবুকি স্বৰূপ ৰাসায়নিক দ্রব্যযুক্ত শাক-পাচলিৰ বিৰুদ্ধে অভিযান চলোৱাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ।
এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত শাক-পাচলিৰ ক্ষেত্রত চলিব তালাচী অভিযান (Search operation against chemical rich vegetables)। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিচতে ৰাসায়নিক দ্রব্যযুক্ত শাক-পাচলি বজাৰলৈ অহাত বাধা দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে । উল্লেখ্য় যে, শাক-পাচলিত জনস্বাস্থ্যৰ পৰিপন্থী ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰা সন্দৰ্ভত অধিবক্তা সীমা ভূঞাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ শুনানিকালত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছিল (PIL against chemical rich vegetables) । ইয়াৰ পাচতে বিষয়টোক লৈ সৰৱ হৈছে ৰাজ্য চৰকাৰ ।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিচতে ১ মাৰ্চত চৰকাৰী বিভাগসমূহে যৌথভাৱে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে (Chemical rich vegetables in Assam)। মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকতে ৰাসায়নিক দ্রব্যযুক্ত শাক-পাচলি বজাৰলৈ অহাত বাধা দিয়াৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য় যে, শুকুৰবাৰে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ শুনানিকালত অসম চৰকাৰে লোৱা সিদ্ধান্তসমূহ ন্যায়ালয়ক অৱগত কৰে । সেই অনুসৰি ৰাসায়নিকযুক্ত শাক-পাচলিৰ নমুনা সংগ্ৰহৰ বাবে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান কর্তৃপক্ষৰ (FSSIA) সহযোগত কৃষি বিভাগ, গুৱাহাটী পৌৰ নিগম (GMC), আৰক্ষী আয়ুক্তালয় আৰু পৰিবহণ বিভাগৰ প্ৰতিনিধিক লৈ ছটা দল গঠন কৰা হ'ব । এই দলটোৱে গুৱাহাটীৰ তিনিটা প্রধান প্ৰৱেশ পথত শাক-পাচলিৰ নমুনা সংগ্ৰহ কৰিব ।
একেদৰে কৃষি বিভাগে পৰীক্ষাৰ বাবে প্রয়োজনীয় মোবাইল কিটৰ উৎসৰ সন্ধান কৰিব যাতে দুমাহৰ বাবে শাক-পাচলি পৰীক্ষা কৰিব পৰা যায় । মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জি এম চিৰ পৰা গুৱাহাটীৰ প্ৰধান শাক-পাচলিৰ পাইকাৰী বজাৰসমূহৰ তালিকা সংগ্ৰহ কৰা হ'ব । অকল সিমানেই নহয়, নমুনা সংগ্রহ আৰু পৰীক্ষাৰ বাবে অসমত শাক-পাচলিৰ প্ৰধান উৎসসমূহৰ তথ্য লিপিবদ্ধ কৰা হ'ব ।
তদুপৰি কীটনাশক দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত ৰাজ্যজুৰি কৃষি বিভাগে ব্যাপক সজাগতা অভিযান চলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ৰাজ্যৰ সকলো জিলাত কৃষকৰ মাজত সাত দিনৰ ভিতৰত এই সজাগতা অভিযান চলাব কৃষি বিভাগে । তদুপৰি সমগ্ৰ অসমত সাৰ আৰু ৰাসায়নিক দ্রব্যৰ ডীলাৰসমূহত সম্ভৱপৰ বিক্ৰী কৰিব পৰা নিষিদ্ধ-সীমাবদ্ধতা আৰোপ কৰা ৰাসায়নিক দ্রব্য সন্দৰ্ভতো পৰীক্ষা কৰিব কৃষি বিভাগে ।