গুৱাহাটী,১২ জানুৱাৰী :লোকসেৱা আয়োগৰ ২০১৪ বৰ্ষৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াৰ ন্যায়িক তদন্তৰ দায়িত্ব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক কিয় ন্যস্ত কৰা নহ'ল ? শেহতীয়াকৈ উত্থাপিত হৈছে এই গুৰুত্বপূৰ্ণ প্ৰশ্ন । ২০১৩ বৰ্ষৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াৰ তদন্তৰ দায়িত্ব যদি ন্যায়িক আয়োগক অৰ্পণ কৰিব পাৰে তেন্তে ২০১৪ বৰ্ষত সংঘটিত হোৱা অনিয়মৰ তদন্তৰ (Assam APSC Scam)দায়িত্ব কিয় ন্যায়িক আয়োগক দিয়া নহ'ব, সেই বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক জাননী জাৰি কৰিছে ।
মন কৰিবলগীয়া যে ডিব্ৰুগড় আৰক্ষীয়ে ইতিপূৰ্বে ৰাকেশ পাল বাহিনীয়ে লোকসেৱা আয়োগত ২০১৩ আৰু ২০১৪ দুয়োটা বৰ্ষতে চলোৱা নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰি শপতনামা দাখিল কৰিছিল । যি তদন্ত প্ৰক্ৰিয়াত ইতিমধ্যে ২০১৪ বৰ্ষত নিযুক্তি পোৱা ২১ গৰাকী ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হৈছিল । আনহাতে, ২০১৩ বৰ্ষত ৰাকেশ পাল বাহিনীক সন্তুষ্ট কৰি নিযুক্তি লাভ কৰা ৩৯ গৰাকী বিষয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল ।