গুৱাহাটী, 13 ডিচেম্বৰ : অবৈধ বিদেশী চিনাক্ত আৰু বিতাড়ন প্ৰসংগ বিগত কেইবাটাও দশক ধৰি অসমৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ আছে ৷ তাৰ মাজতেই অবৈধ বিদেশীক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে এক বিশেষ নিৰ্দেশনা ৷ ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰবৰুৱা আৰু ৰবীন ফুকনৰ খণ্ড বিচাৰপীঠে এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা প্ৰদান কৰে ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি- 1/ বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা বিদেশী ঘোষিত কোনো লোকৰ নাথাকিব কোনো মাটিৰ অধিকাৰ ৷ পূৰ্বে বিদেশীৰ নামত থকা ভূমি অধিগ্ৰহণ কৰিব লাগিব চৰকাৰে, 2/ খাদ্য সুৰক্ষাৰ হিতাধিকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰিব লাগিব চৰকাৰে, 3/ জীৱন-জীৱিকাৰ বাবে ৱৰ্ক পাৰ্মিট প্ৰদান কৰিব লাগিব, 4/ শিক্ষা আৰু স্বাস্থ্যৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব চৰকাৰে, 5/ বিদেশী ঘোষিত লোকসকলৰ বাবে এগৰাকী ন’ডেল অফিচাৰ নিয়োগ কৰিব লাগিব |
নিৰ্দেশনাটোত চৰকাৰক এজন ন’ডেল বিষয়া নিযুক্তি দিবলৈ কোৱা হৈছে ৷ এই বিষয়াজনে ঘোষিত বিদেশীৰ সকলো নথি-পত্ৰ, যেনে তেওঁৰ মাটিৰ নথি-পত্ৰ, ভোটাৰ পৰিচয়-পত্ৰ জমা ল’ব; যাতে তেওঁলোকৰ নাম কৰ্তন কৰি মাটি অধিগ্ৰহণ কৰি চৰকাৰে ওভতাই লয় ৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত দিয়া শপতনামা অনুসৰি 1966 চনৰ পৰা অসমত 32281 জন বিদেশী চিনাক্ত কৰিছে ন্যায়ালয়ে ৷