অসম

assam

ETV Bharat / state

চুপাৰ 30 ৰ সংস্থাপকক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ - আনন্দ কুমাৰ

চুপাৰ-30 ৰ সংস্থাপক আনন্দ কুমাৰৰ বিৰুদ্ধে আইআইটি গুৱাহাটীৰ 4 জন ছাত্ৰৰ পৰা শিক্ষাৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷

Anand Kumar
আনন্দ কুমাৰ

By

Published : Nov 28, 2019, 10:32 PM IST

গুৱাহাটী, 28 নৱেম্বৰঃবৃহস্পতিবাৰে চুপাৰ-30 ৰ প্ৰতিষ্ঠান সংস্থাপক আনন্দ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ কৰোৱা হয় ৷ আঢ়ৈ ঘণ্টা ধৰি চলা শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰিসৰত গোচৰটো নহাৰ বাবে আবেদনকাৰীয়ে গোচৰটো উঠাই লয় ৷

চুপাৰ-30 ৰ সংস্থাপকক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জানিব পৰা মতে আবেদনকাৰীয়ে ইচ্ছা কৰিলে পাটনা উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব । গুৱাহাটী উচ্চ ন্যায়ালয় পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত আনন্দ কুমাৰে কয় যে আজিলোকে তেওঁ কাৰো পৰা কোনো ধন লোৱা নাই । আৰু তেওঁৰ বিৰুদ্ধে পাটনাৰ পৰা অসম লৈ এক ষড়যন্ত্ৰ ৰচা হৈছিল । লগতে তেওঁ 26 নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে ন্যায়ালয়ৰ পৰা ক্ষমা বিচাৰে ৷ উল্লেখ্য যে চুপাৰ-30 ৰ প্ৰতিষ্ঠানৰ সংস্থাপক আনন্দ কুমাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আইআইটি গুৱাহাটীৰ ছাত্ৰ অবিনাশ বড়ো, বিকাশ দাস, মঞ্জিত দলে আৰু ধনীৰামৰ পৰা শিক্ষাৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ তেওঁলোকে 2018 বৰ্ষৰ ডিচেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details