অসম

assam

By

Published : Aug 11, 2023, 6:13 PM IST

ETV Bharat / state

NCHAC Multi Crore Rupees Scam : উত্তৰ কাছাৰৰ‌ হাজাৰকোটি টকীয়া কেলেংকাৰীৰ চূড়ান্ত ৰায়দান

উত্তৰ কাছাৰৰ‌ হাজাৰকোটি টকীয়া কেলেংকাৰীৰ চূড়ান্ত ৰায়দান প্ৰদান ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে উত্তৰ কাছাৰৰ‌ হাজাৰকোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত দিয়া নিয়াৰ বিশেষ আদালতৰ ৰায়ক খাৰিজ কৰে ৷

Final verdict on NCHAC Multi Crore Rupees Scam
উত্তৰ কাছাৰৰ‌ হাজাৰকোটি টকীয়া কেলেংকাৰীৰ চূড়ান্ত ৰায়দান

গুৱাহাটী, 11 আগষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে উত্তৰ কাছাৰৰ‌ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ চূড়ান্ত ৰায়দান প্ৰদান ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে উত্তৰ কাছাৰৰ‌ হাজাৰকোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত দিয়া নিয়াৰ বিশেষ আদালতৰ ৰায়ক খাৰিজ কৰে ৷ লগতে উত্তৰ কাছাৰৰ‌ হাজাৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত নিম্ন আদালতে দোষী সাব্যস্ত কৰা সকলো অভিযুক্তক‌ খালাচ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই চূড়ান্ত ৰায়দানৰ পিছতে আৰ এইচ খান, জোৱেল গাৰ্লোছা, নিৰঞ্জন হোজাই, মোহিত হোজাই গোচৰৰ পৰা মুক্তি নিশ্চিত হৈ পৰে ৷ এই গোচৰত 12 বছৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল আৰ এইচ খানক ৷ উত্তৰ কাছাৰৰ‌ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ মূল নায়ক আছিল আৰ এইচ খান ৷ জামিনত আছিল আৰ এইচ খান ৷ আজীৱন কাৰাদণ্ড বিহা হৈছিল অভিযুক্ত জোৱেল গাৰ্লোছা, নিৰঞ্জন হোজাই আৰু মোহিত হোজাইক ৷

আসোঁৱাহপূৰ্ণ তদন্তৰ বাবে এই গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে ৷ ৰায়দানত গুৱাহাটী উচ্চ ন্যায়ালয়ে আসোঁৱাহ ৰাখি ভৱিষ্যতে এনে ধৰণৰ তদন্ত নকৰাৰ বাবে তদন্তকাৰী সংস্থাক সকীয়াই দিয়ে ৷ গোচৰটোৰ চূড়ান্ত ৰায়দানৰ প্ৰতিলিপি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু ন্যায়িক একাডেমীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, উত্তৰ কাছাৰত সংঘটিত হোৱা এহেজাৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত হোজাই, সমাজ কল্যাণ বিভাগৰ উপ-সঞ্চালক আৰ এইছ খান, উগ্ৰপন্থী সংগঠন ডি এইছ ডিৰ নেতা জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাইকে ধৰি মুঠ 13 জনক ৷

লক্ষণীয় যে যোৰাবাটত নিৰঞ্জন হোজাইৰ বাহনত আৰক্ষীয়ে এক কোটি টকা আৰু কেকো সাপ উদ্ধাৰ কৰিছিল ৷ লগতে আৰ এইচ খানৰ বাসভৱনত কোটি কোটি টকা উদ্ধাৰ হৈছিল ৷ উল্লেখ্য যে, ৰাজ্য কঁপাই যোৱা এই এহাজাৰ কোটি টকীয়া কেলেংকাৰীত অভিযুক্তসকলৰ লগতে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়াত উপযুক্ত তথ্য, প্ৰমাণ দাখিলত তদন্তকাৰী সংস্থা ব্যৰ্থ হোৱাৰ বাবেই উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষমুক্ত ঘোষণা কৰে ৷

লগতে পঢ়ক :SC on Manipur Violence : মণিপুৰৰ হিংসাৰ প্ৰতিবেদন দাখিলৰ বাবে পেনেলসমূহক ২ মাহৰ সময় উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details