গুৱাহাটী, ১২ নৱেম্বৰ: বৃহস্পতিবাৰে এক পুৰণি গোচৰৰ শুনানিৰ বাবে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ড০ সুব্ৰমণিয়াম স্বামী । গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰৰ ৰায় সংৰক্ষিত ৰাখে । ২০১৫ চনৰ মাৰ্চ মাহত অসমৰ এখন শিক্ষানুষ্ঠানত আয়োজিত অনুষ্ঠানত মছজিদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল তেওঁৰ বিৰুদ্ধে ।
কৰিমগঞ্জৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল এগৰাকী অধিবক্তাই । কিন্তু এই গোচৰ সংক্ৰান্তত চমন জাৰি কৰাৰ পাচতো আদালতত হাজিৰ হোৱা নাছিল সুব্ৰমণিয়াম স্বামী । পিছত আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে আৰু তেতিয়া সুব্ৰমণিয়াম স্বামী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে ।