অসম

assam

By

Published : Jan 28, 2023, 4:27 PM IST

Updated : Jan 28, 2023, 10:53 PM IST

ETV Bharat / state

Advocate Bijan Mahajan decourt: নিয়ম ভংগ কৰি ন্যায়ালয়ৰ পৰা বাহিৰ হ’ল জ্যেষ্ঠ অধিবক্তা বিজন মহাজন

আদালতৰ নীতি-নিয়ম ভংগ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা বাহিৰ হ’ল জ্যেষ্ঠ অধিবক্তা বিজন মহাজন ৷ এটা গোচৰৰ শুনানিৰ বাবে জীনচ্ পেণ্ট পৰিধান কৰি আহিছিল বিজন মহাজনে ৷ এই বিষয়টো মুখ্য ন্যায়াধীশ আৰু বাৰ কাউন্সিলৰ দৃষ্টিগোচৰ কৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ ৷

Advocate Bijan Mahajan decourt
নিয়ম ভংগ কৰি ন্যায়ালয়ৰ পৰা বাহিৰ হ’ল জ্যেষ্ঠ অধিবক্তা বিজন মহাজন

গুৱাহাটী, ২৮ জানুৱাৰী : ন্যায়ালয়ৰ নীতি-নিয়ম আৰু ন্যায়ালয়ৰ সৌহাদ্য ভংগ কৰি শাস্তিৰ সন্মুখীন এগৰাকী জ্যেষ্ঠ অধিবক্তা ৷ অধিবক্তাগৰাকীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা আৰক্ষী লগাই বাহিৰ কৰি দিয়া হ’ল ৷ শুকুৰবাৰে ন্যায়াধীশৰ নিৰ্দেশত ন্যায়ালয়ৰ পৰা উলিয়াই পঠিওৱা হ’ল অধিবক্তা বিজন মহাজনক(Gauhati HC decourts Bijan Mahajan) ৷

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যয়ালয়ত(Gauhati High Court) কেইবা দশক ধৰি উকালতি কৰি আহিছে বিজন মহাজনে(Advocate Bijan Mahajan) ৷ শুকুৰবাৰে এটা গোচৰৰ শুনানিৰ বাবে উচ্চ ন্যায়ালয়লৈ গৈছিল বিজন মহাজন ৷ পিছে কেইবা দশকজোৰা নিজৰ ওকালতি জীৱনত নিজেই ক’লা দাগ সানিলে বিজন মহাজনে ৷ কিয়নো ন্যায়ালয়লৈ পিন্ধি যাবলগীয়া সাজ নিপিন্ধি মহাজনে পিন্ধি গ’ল জীনচ্ পেন্ট ৷

নিয়ম ভংগ কৰি ন্যায়ালয়ৰ পৰা বাহিৰ হ’ল জ্যেষ্ঠ অধিবক্তা বিজন মহাজন

এই বিষয়টো দৃষ্টিগোচৰ হয় ন্যায়াধীশৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় চুৰানাই আৰক্ষীক মাতি আনি জীনচ্ পেণ্ট পিন্ধি অহা অধিবক্তা বিজন মহাজনক আাদলত চৌহদৰ পৰা বাহিৰত আগবঢ়াই থৈ আহিবলৈ নিৰ্দেশ দিয়ে(Advocate Bijan Mahajan decourts for wearing jeans)। কেৱল সেয়ে নহয়, বিষয়টো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৃষ্টিগোচৰ কৰাৰ নিৰ্দেশ দিয়ে ন্যায়াধীশগৰাকীয়ে । লগতে, উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়ক আৰু অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলৰ দৃষ্টিগোচৰ কৰিবলৈয়ো নিৰ্দেশ দিয়ে ন্যায়াধীশ গৰাকীয়ে ।

বিজন মহাজনৰ বাবে স্থগিত ৰাখিব লগীয়া উচ্চ ন্যায়ালয়ৰ শুনানীটোৰ পৰৱৰ্তী তাৰিখ তালিকাভুক্ত কৰাৰ নিৰ্দেশ দিয়া ন্যয়াধীশ কল্যাণ ৰায় চুৰানাৰ(Justice Kalyan Rai Surana) নিৰ্দেশটোত কোৱা হয় এইদৰে- “আজি বিষয়টো স্থগিত ৰখা হৈছে কাৰণ মিষ্টাৰ বি.কে. মহাজন(advocate B K Mahajan), আবেদনকাৰীৰ অধিবক্তাই জীনচ্ পেণ্ট পৰিধান কৰি আহিছে । সেয়েহে উচ্চ ন্যায়ালয়ৰ চৌহদৰ বাহিৰত তেওঁক থৈ আহিবলৈ আৰক্ষী জোৱানক আহ্বান কৰিবলগীয়া হৈছিল আদালতে । এই আদেশ মাননীয় মুখ্য ন্যায়াধীশ মহোদয়ৰ দৃষ্টিগোচৰ কৰা হওক ৷ ন্যায়ালয়ৰ বিদ্বান মহাপঞ্জীয়কৰ লগতে বিষয়টো অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলৰ দৃষ্টিগোচৰ কৰা হওক । এসপ্তাহৰ পিছত তালিকাভুক্ত কৰক ।” মন কৰিবলগীয়া যে, অধিবক্তা বিজন মহাজন ৰাজ্যিক বিজেপিৰো এজন আগশাৰীৰ নেতা ৷ ৰাজ্যিক বিজেপিৰ আইন কোষৰো আহ্বায়ক বিজন মহাজন ৷

উল্লেখ্য যে, 1961 চনৰ এডভোকেটছ এক্ট অনুসৰি সকলো প্ৰেকটিছিং অধিবক্তাই আদালতৰ কাৰ্যবিধিত উপস্থিত থকা বা দাখিল কৰাৰ সময়ত ডিঙিত বেণ্ড থকা বগা চাৰ্টৰ ওপৰত ক’লা কোট বা ৰব পৰিধান কৰিব লাগে ৷ ভাৰতীয় বাৰ কাউন্সিলৰ পেছাদাৰী মানদণ্ড নিয়মেও একে কথাকে পুনৰবাৰ উল্লেখ কৰিছে ৷ লগতে কয় যে, অধিবক্তাসকল সদায় আদালতত উপস্থাপনযোগ্য হ’ব লাগিব ৷

লগতে পঢ়ক:NSCN IM Nagaland : নাগালেণ্ডত এনএছচিএনৰ হাতত আবদ্ধ আছাম ৰাইফলছৰ জোৱান

Last Updated : Jan 28, 2023, 10:53 PM IST

ABOUT THE AUTHOR

...view details