গুৱাহাটী, ১১ ডিচেম্বৰ :অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষা বিষয়ক যোগ্যতামূলক প্ৰশ্নকাকত আঁতৰোৱা(Assamese paper remove from APSC)ৰ পিছতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে আয়োগৰ পৰীক্ষাৰ পৰা ৩০০ নম্বৰৰ বাধ্যতামূলক ভাষা বিষয়ক প্ৰশ্নকাকতখনি আঁতৰোৱাৰ বাবে গ্ৰহণ কৰা চৰকাৰী সিদ্ধান্তত শুকুৰবাৰে মোহৰ মাৰে । ইয়াৰ পিছতে সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
শিক্ষাবিদ আব্দুল মান্নানে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, অসমীয়া ভাষা যদি অসমতে নাথাকে, থাকিব ক’ত । ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি সন্মান জনায় নাগৰিক হিচাপে কওঁ যে, অসমীয়া ভাষা অসমত থাকিব লাগিব । আয়োগৰ পৰীক্ষাৰ মাধ্যমেৰে গৈ যিসকল বিষয়া হ’ব, তেওঁলোকে অসমীয়া ভাষা নাজানিলে ৰাইজৰ লগত ভাৱ বিনিময় কৰাৰ ক্ষমতা নাথাকিব । এইটো সুখৰ কথা নহয় ।
বিশিষ্ট শিক্ষাবিদগৰাকীয়ে লগতে কয় যে, অসমৰ পৰিসীমাৰ ভিতৰত যদি অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন হয় । অসমত অসমীয়া ভাষা যদি স্বীকৃতি দিয়া নহয়, দিব ক’ত ! এই প্ৰশ্নটো সকলোৱে চিন্তা কৰি চোৱা উচিত । চৰকাৰে নিৰ্দিষ্ট সময়ত উচিত পদক্ষেপ ল’লে ন্যায়ালয়ৰ পৰা সঠিক সিদ্ধান্ত পালো হয় । ইয়াৰ বাবে সম্পূৰ্ণভাৱে জগৰীয়া চৰকাৰ । চৰকাৰে জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ নানা ধৰণৰ খেলিমেলিৰ সমস্যা সৃষ্টি কৰিব পৰা কূটনৈতিক চক্ৰান্ত কৰি আছে । অসমীয়া ভাষা সংস্কৃতিৰ অস্তিত্ব ৰক্ষা শ্ল’গান দি তাৰ আঁৰত চৰকাৰৰ পৃথক এজেণ্ডা আছে বুলি শিক্ষাবিদগৰাকীয়ে মন্তব্য কৰে ।