অসম

assam

ETV Bharat / state

ক'ত আছে "গেটৱে অৱ আছাম" - Guwahati Northbrook gate is popularly known as “GATEWAY OF ASSAM” etv Bharat Assam

এক ঐতিহাসিক ক্ষেত্ৰৰ সমীপত ব্যৱসায়িক লাভালাভৰ বাবে নিৰ্মাণ কৰা এই ৰেস্তোৰাৰ ফলত বিঘ্নিত হৈছে নেকি নৰ্থব্ৰুক গেটৰ সৌন্দৰ্য ? ক্ৰমান্বয়ে ৰেষ্টোৰা আচ্ছাদনে ঢাকি ধৰা নৰ্থব্ৰুক গেটখনে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ সংগ্ৰাম কৰিব লগা হৈছে ৷ একেদৰে সাধাৰণ ৰাইজেও লাহে লাহে পাহৰি গৈছে সেই স্থানত যে এখন গেট আছিল ৷

GATEWAY OF ASSAM
ক'ত আছে "গেটৱে অৱ আছাম"

By

Published : Jun 5, 2020, 6:59 PM IST

গুৱাহাটী, 5 জুনঃ ব্ৰিটিছ ভাইছৰয় ল'ৰ্ড নৰ্থব্ৰুকক গুৱাহাটীত আদৰাৰ অৰ্থে নিৰ্মাণ কৰা হৈছিল এই গেটখন ৷ গেটখন নিৰ্মাণ কৰা হৈছিল শুক্ৰেশ্বৰ ঘাটত য'ত ভাইছৰয়গৰাকীয়ে অসম ভ্ৰমণৰ সময়ত প্ৰথম পদাৰ্পণ কৰিছিল। ব্ৰিটিছ যুগৰ নিৰ্মাণ-শৈলীৰে নিৰ্মিত এই নৰ্থব্ৰুক গেট হৈছে অসমৰ বিট্ৰিছৰ দিনৰ চিহ্ন যিয়ে প্ৰকাশ কৰে অসমত বিট্ৰিছৰ আধিপত্যৰ চিন । ১৪০ বছৰ ধৰি গুৱাহাটীৰ বুৰঞ্জীৰ বিভিন্ন ঘটনাৰ সাক্ষী হৈ লুইতৰ পাৰত থিয় দি আছে গেটৱে অৱ আসাম । কিন্তু সংৰক্ষণৰ অভাৱত আজি নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব লগা হৈছে এই ঐতিহাসিক গেটখনে ।

"গেটৱে অৱ আছাম"

লগতে পঢ়কঃ বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?

এক ঐতিহাসিক ক্ষেত্ৰৰ সমীপত ব্যৱসায়িক লাভালাভৰ বাবে নিৰ্মাণ কৰা এই ৰেস্তোৰাৰ ফলত বিঘ্নিত হৈছে নেকি নৰ্থব্ৰুক গেটৰ সৌন্দৰ্য ? ক্ৰমান্বয়ে ৰেষ্টোৰাৰ আচ্ছাদনে ঢাকি ধৰা নৰ্থব্ৰুক গেটখনে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ সংগ্ৰাম কৰিব লগা হৈছে ৷ একেদৰে সাধাৰণ ৰাইজেও লাহে লাহে পাহৰি গৈছে সেই স্থানত যে এখন গেট আছিল ৷ নৰ্থব্ৰুকৰ আগমণৰ বাবে বহু কীৰ্তিচিহ্ন বিভিন্ন স্থানত নিৰ্মাণ কৰা হৈছিল যদিও সেই সমূহ বৰ্তমান নিঃচিহ্ন কিন্তু ইতিহাস বুকুত বান্ধি বছৰ বছৰ ধৰি থিয় হৈ আছে ব্ৰহ্মপুত্ৰ পাৰৰ এই গেটখন ৷ কিন্তু ঐতিহাসিক হ'লেও নৰ্থব্ৰুক গেট সম্পৰ্কত আজিও জ্ঞাত নহয় ৰাজ্যবাসী ৷ উল্লেখ্য যে পৰ্যটন বিভাগৰ দায়িত্বত থকা নৰ্থব্ৰুক গেট সম্পৰ্কত বিভাগটোৱে অৱগত কৰা ধৰণে পদক্ষেপসমূহ ভৱিষ্যতে কাৰ্যকাৰী হ'ব নে নাই সেয়া এক লক্ষণীয় বিষয়..

গেটৱে অৱ আছাম

ABOUT THE AUTHOR

...view details