গুৱাহাটী, ২৮ মে': প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ২০১২ চনত মুকলি কৰা নৱগ্ৰহৰ গেছ চালিত শ্মশান গৃহ কেইবছৰো ধৰি অব্যৱহৃত হৈ পৰি আছে । অসম চৰকাৰৰ পুঁজিৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰা গেছ চালিত শ্মশানখন ইমান দিনে মেৰামতি নোহোৱাৰ ফলত ৰাজহুৱা ধনৰ অপচয় হোৱাৰ লগতে গুৱাহাটী বাসীয়েও এই শ্মশানখন ব্যৱহাৰ কৰিব পৰা নাছিল ।
এই গেছ চালিত শ্মশানখন পুনৰ কাৰ্যক্ষম কৰাৰ বাবে সম্প্ৰতি পদক্ষেপ গ্ৰহণ কৰা হৈছে । গুৱাহাটী পৌৰ নিগমৰ নৱ নিযুক্ত আয়ুক্ত দেৱাশিস শৰ্মাই শুকুৰবাৰে গেছ চালিত শ্মশানখনৰ যন্ত্ৰপাতিৰ অৱস্থাৰ বুজ লয়। তেওঁ কয় যে, গুৱাহাটীৰ দৰে এখন মহানগৰৰ বাবে গেছ চালিত শ্মশানৰ প্ৰয়োজন আছে । গেছ চালিত শ্মশানৰ সা-সৰঞ্জামৰ যাৱতীয় মেৰামতি কৰি ইয়াক কাৰ্যক্ষম কৰি তোলা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।