অসম

assam

ETV Bharat / state

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গুৱাহাটীত গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ এজাহাৰ

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়ে দাখিল কৰে এই এজাহাৰ ।

By

Published : Dec 26, 2020, 9:06 PM IST

Gariya Yubo Satra Parishad Case Guwahati against Satya Ranjan Bara
সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গুৱাহাটীত গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ এজাহাৰ

গুৱাহাটী, 26 ডিচেম্বৰ :শনিবাৰে গুৱাহাটীৰ নুনমাটি আৰক্ষী থানাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰা হয় এখন এজাহাৰ । সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়ে দাখিল কৰে এই এজাহাৰ ।

গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ মন্তব্য

অভিযোগ অনুসৰি, শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই আছে বিতৰ্কিত সত্যৰঞ্জন বৰাই ৷ মুছলমানসকলৰ বিৰুদ্ধে নানা অপমানসূচক মন্তব্য আগবঢ়াই আহিছে বৰাই । যাৰবাবে আৰক্ষীৰ কাষ চাপিছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে ।

নুনমাটি থানাত দাখিল কৰা এজাহাৰ

ইফালে, সংগঠনটোৱে গুৱাহাটীৰ কেইবাখনো আৰক্ষী থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । কিন্তু আজিকোপতি আৰক্ষীয়ে বিতৰ্কিত সত্যৰঞ্জনৰ বিৰুদ্ধে লোৱা নাই কোনো আইনী ব্যৱস্থা । বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰা অসমত দৰ্মৰ নামত বিভাজন নকৰিবলৈ আহ্বান সংগঠনটোৰ ৷

নুনমাটি থানাত দাখিল কৰা এজাহাৰ

লগতে পঢ়ক :জম্মু-কাশ্মীৰত আয়ুষ্মান ভাৰত আঁচনিৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ABOUT THE AUTHOR

...view details