গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ 'গিভ ছাইড, ছেভ লাইভ' নামৰ এক কাৰ্যক্ৰমৰ জৰিয়তে ৰাইজৰ মাজত জৰুৰীকালীন সজাগতা প্ৰদানৰ চেষ্টা হাতত লৈছে আয়ুৰচন্দ্ৰা চিকিৎসালয়ে।
গড়চুকস্থিত আয়ুৰচন্দ্ৰা চিকিৎসালয়ৰ সজাগতা মূলক কাৰ্যক্ৰম - etv bharat
সংবাদ মেলত উপস্থিত অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু গৰিমা শইকীয়া
![গড়চুকস্থিত আয়ুৰচন্দ্ৰা চিকিৎসালয়ৰ সজাগতা মূলক কাৰ্যক্ৰম](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2461570-956-24546b22-0ee1-4e37-b45e-7c8548626d52.jpg)
জৰুৰীকালীন সময়ত যাতে এম্বুলেঞ্চে কোনো কাৰণতে বাধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চালকক ট্ৰমাৰ প্ৰশিক্ষণ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত ৰেলী, জনতাক প্ৰশিক্ষণ দিয়া কাৰ্যসূচী হাতত লয় আয়ুৰচন্দ্ৰা কতৃপক্ষই। যান-জঁটৰ সমস্যা বাবে হওঁক বা অন্য কাৰণতে হওঁক এম্বুলেঞ্চে প্ৰায়ে বাধাৰ সন্মুখীন হৈ আহিছে ফলত ৰোগীৰ মৃত্যু পৰ্যন্ত হয় ।
সেয়ে উক্ত ব্যৱস্থা হাতত লৈছে আয়ুৰচন্দ্ৰা কতৃপক্ষই । শুকুৰবাৰৰ এই সংবাদ মেলত উপস্থিত থাকে আয়ুৰচন্দ্ৰা হাস্পতালৰ কাৰ্যবাহী সঞ্চালক হিমাদ্ৰী বৰঠাকুৰ,অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু গৰিমা শইকীয়া গাৰ্গ ।