অসম

assam

ETV Bharat / state

নতুন অসমীয়া কথাছবি গংগাৰ শুভ মহুৰত

দেওবাৰে শুভ মহুৰত হয় নতুন অসমীয়া কথাছবি গংগা (এখনি বোৱতি হিয়া) ৰ ৷ মহানগৰীৰ জু-ৰোড তিনিআলিত এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানৰ মাজেৰে ছবিখনৰ মহুৰত সম্পন্ন হয় ৷

ganga-new-assamase-film
দেওবাৰে শুভমুহুৰত হয় নতুন অসমীয়া কথাছবি গংগাৰ

By

Published : Jan 24, 2021, 6:58 PM IST

Updated : Jan 24, 2021, 7:23 PM IST

গুৱাহাটী, 24 জানুৱাৰী :দেওবাৰে শুভ মহুৰত সম্পন্ন হয় নতুন অসমীয়া কথাছবি গংগা (এখনি বোৱতি হিয়া) ৰ ৷ মহানগৰীৰ জু-ৰোড তিনিআলিত এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানৰ মাজেৰে ছবিখনৰ মহুৰত সম্পন্ন হয় ৷

ইউ আৰ আই ফিল্মছৰ বেনাৰত নিৰ্মাণ হ'ব লগা এই ছবিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ বিগত এমাহ ধৰি শ্বুটিঙ চলিব লগা গংগাৰ চিত্ৰনাট্য লিখিছে বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই ৷

নতুন অসমীয়া কথাছবি গংগাৰ শুভ মহুৰত

মনি সিনহাই পৰিচালনা কৰিব লগা এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাগ ঐনিতম, মুনমী কলিতা, অৰূপ বৈশ্যই ৷ নৱতম ছবিখনৰ সংগীত পৰিচালনা কৰিব অজয় ফুকনে ৷ পৰিয়াল কেন্দ্ৰীক আৰু মাতৃ-কন্যাৰ মৰমক বিষয়বস্ত হিচাপে লৈ নিৰ্মাণ কৰা হ‘ব এই ছবিখন ৷ এগৰাকী মাতৃৰ জীৱনৰ মৰ্মবেদনাক লৈ নিৰ্মান হ’ব লগা ছবিখনৰ জৰিয়তে দৰ্শকে এক নতুন সোৱাদ পাব বুলি মন্তব্য কৰে অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে ৷

লগতে পঢ়ক :আজি কোকৰাঝাৰ-নলবাৰীত ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে

Last Updated : Jan 24, 2021, 7:23 PM IST

ABOUT THE AUTHOR

...view details