গুৱাহাটী, 25 জুন :মহানগৰীত ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা (Crime case in Guwahati) ৷ মহানগৰীৰ পাঞ্জাবাৰীত জঘন্য ঘটনা সংঘটিত হৈছে ৷ পিষ্টল দেখুৱাই এগৰাকী যুৱতীক গেষ্ট হাউছত চাৰি যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Gang rape case at Punjabari) ৷
ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা পাঞ্জাবাৰীৰ ফখৰুদ্দিন আলী আহমেদ পথত থকা এটা গেষ্ট হাউছত বিকাশ গগৈ (৩৩) নামৰ এগৰাকী যুৱকে ভুক্তভোগী যুৱতীগৰাকীক নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল ৷ নৈশ আহাৰ গ্ৰহণৰ সময়ত যুৱকজনৰ তিনিজন বন্ধুও গেষ্ট হাউছত তেওঁলোকৰ সৈতে আহাৰ গ্ৰহণ কৰিছিল ৷ ইয়াৰ পিছতে বিকাশে যুৱতীগৰাকীক পিষ্টলেৰে গুলীওৱাৰ ভাবুকি দলবদ্ধ ধৰ্ষণ কৰে ৷