গুৱাহাটী ২৩,অক্টোবৰঃএক ১৯ মহীয়া উৎকণ্ঠাৰ অৱসান। বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতু মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিগত বৰ্ষৰ মাৰ্চত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা উৰণীয়া সেঁতুখন অতি কম সময়ৰ ভিতৰত তৎপৰতাৰে নিৰ্মাণ কৰি উলিয়ালে অসম লোক নিৰ্মাণ বিভাগৰ অধীনত গৌতম কনষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠানটোৱে।
উৰণীয়া সেঁতু নিৰ্মাৰণৰ কাম আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিকতে নিৰ্মিয়মান উৰণীয়া সেঁতুখনৰ আশে-পাশে থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ একপ্ৰকাৰ বন্ধ হোৱাৰ দৰে হৈছিল। ইয়াৰ মাজতে কা'' বিৰোধী আন্দোলনৰ প্ৰভাৱ আৰু তাৰ পাছতে ক’ৰণা মহামাৰীৰ বাবে লক ডাউন আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বাৰুকৈয়ে জুৰুলা কৰিছিল ব্যৱসায়ী সকলক।