গুৱাহাটী,24 অক্টোবৰঃজাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ভাৰতীয় জনতা দলে সমগ্ৰ অসমতে পালন কৰিছে সংকল্প যাত্ৰা। এই সংকল্প যাত্ৰাৰ অষ্টম দিন হিচাপে এইবাৰ জালুকবাৰী বিধানসভা সমষ্টিতো আয়োজন কৰে গান্ধী সংকল্প যাত্ৰা ৷ এবাৰ ব্যৱহৃত প্লষ্টিক বর্জন কৰা,প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলাৰ আদি বাণীৰে বৃহস্পতি বাৰে দদৰাৰ পৰা উত্তৰ গুৱাহাটীৰ ফেকাল্টি স্কুললৈ প্ৰায় দহ কিলোমিটাৰ যোৰা এক পদযাত্ৰা উলিয়ায় ৷ প্ৰায় দুই হাজাৰ বিজেপি কৰ্মীয়ে যোগদান কৰা এই পদযাত্ৰাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ কুইন ওজা।
জালুকবাৰী বিধানসভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মা সহিতে কুইন ওজাৰ "গান্ধী সংকল্প যাত্ৰা " - himanta biswa sharma latest news
জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ভাৰতীয় জনতা দলে সমগ্ৰ অসমতে পালন কৰিছে সংকল্প যাত্ৰা

হিমন্ত বিশ্ব শৰ্মা সহিতে কুইন ওজা
হিমন্ত বিশ্ব শৰ্মা সহিতে কুইন ওজা
সংকল্প যাত্ৰাৰ সময়তে সাংসদ কুইন ওজাই কয়," মহাত্মা গান্ধীয়ে যি সপোন দেখিছিল,তাক সফল কৰাৰ বাবে অসম তথা ভাৰতৰ সকলো এক হৈ প্ৰদূষণ মুক্ত দেশ গঢ়াৰ চেষ্টা কৰি যাম। "