অসম

assam

ETV Bharat / state

মহানগৰীৰ কস্তুৰবা আশ্ৰমৰ আবাসী সকলে পালন কৰিলে গান্ধী জয়ন্তী - গান্ধীৰ জন্মজয়ন্তী পালন

গান্ধীজীক মনত ৰাখিলে নহ'ব । গান্ধীজীৰ নীতি আদৰ্শ পালন কৰিলেহে তেখেতক শ্ৰদ্ধা জনোৱা হ'ব বুলি ক'লে কস্তুৰবা আশ্ৰমৰ আবাসী সকলে । আজিৰ দিনটোত গান্ধীৰ জন্মজয়ন্তী পালন কৰোতে তেখেতৰ নীতি আদৰ্শ পালন কৰিছো নে নাই সেইটো তাৎপৰ্যপূৰ্ণ কথা ৷

Gandhi Jayanti
মহানগৰীৰ কস্তুৰবা আশ্ৰমৰ আবাসী সকলে পালন কৰিলে গান্ধী জয়ন্তী

By

Published : Oct 2, 2021, 7:26 PM IST

গুৱাহাটী, ২ অক্টোবৰ:গান্ধীজীক মনত ৰাখিলে নহ'ব । গান্ধীজীৰ নীতি আদৰ্শ পালন কৰিলেহে তেখেতক শ্ৰদ্ধা জনোৱা হ'ব বুলি ক'লে কস্তুৰবা আশ্ৰমৰ আবাসী সকলে । আজিৰ দিনটোত মহাত্মা গান্ধীৰ জন্মজয়ন্তী পালন কৰোতে তেখেতৰ নীতি আদৰ্শ পালন কৰিছো নে নাই সেই কথাটো গুৰুত্ব দিব লাগিব ৷

গান্ধীৰ ১১ ব্ৰত আৰু অহিংসাৰ নীতিৰে সমাজত জীয়াই থাকিবলৈ শিকিব লাগে । অহিংসা নীতি অৱলম্বন কৰিলে সুন্দৰ সমাজ গঢ় লৈ উঠিব । আজি গান্ধী জয়ন্তীৰ দিনটোত সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব এখন সুন্দৰ সমাজ গঢ় দিয়াত অৰিহণা যাতে থাকে ।

মহানগৰীৰ কস্তুৰবা আশ্ৰমৰ আবাসী সকলে পালন কৰিলে গান্ধী জয়ন্তী

লগতে পঢ়ক:মহানগৰীৰ গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গান্ধীৰ নীতি আদৰ্শ হাতে কামে কৰিব পাৰিলে নতুন প্ৰজন্মই জীৱন গঢ়িব পাৰিব বুলি বিশ্বাস কৰে গান্ধীবাদী সকলে । গান্ধীৰ নীতি আদৰ্শৰে পৰিচালিত মহানগৰীৰ কস্তুৰবা আশ্ৰমতো আজি বিশেষ ভাৱে গান্ধী জয়ন্তী উদযাপন কৰা হয় ।

পুৱা প্ৰাৰ্থনাৰ পিছতে গীতা পাঠ আৰু বিশেষ সূত্ৰ যোগ্য কৰাৰ লগতে গান্ধী জয়ন্তী উপলক্ষে আয়োজন কৰা বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাৰ্থনা কৰাৰ লগতে গান্ধীৰ নীতি আদৰ্শৰ ওপৰত বক্তব্য প্ৰদান কৰে । উল্লেখ্য যে, আশ্ৰমত থকা আৱাসী সকলে গান্ধীৰ নীতি আদৰ্শৰে আদৰ্শিত হৈ জীৱন নিৰ্বাহ কৰি আহিছে ।

লগতে পঢ়ক:প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত নলবাৰীত গান্ধী জয়ন্তী উদযাপন

ABOUT THE AUTHOR

...view details