গুৱাহাটী, 2এপ্ৰিলঃমহানগৰীৰ বজাৰ এতিয়া গামোচাৰে নধৰা হৈছে। বিভিন্ন স্থানৰ পৰা অনা হৈছে গামোচা । ৰামদিয়া, শুৱালকুচি আদি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অনা হৈছে বিভিন্ন প্ৰকাৰৰ গামোচা ।
গামোচাৰে নধৰা হৈছে মহানগৰীৰ বজাৰ
বাপোটি সাহোন বহাগৰ বিহুলৈ মাজত মাথো কেইটামান দিন, শিপিনী সকলৰো গাত তত নাইকিয়া অৱস্থা ৷
মহানগৰীৰ বজাৰ এতিয়া গামোচাৰে নধৰা
বিহুৰ লগে লগে এইবাৰআহিছে নিৰ্বাচন । নিৰ্বাচন আৰু বিহুৰ উথপ-থপৰ মাজতে বজাৰলৈ আহিছে ভিন্ন প্ৰকাৰৰ গামোচা । গামোচাৰ চাহিদা এইবাৰ সেয়ে অধিক হোৱাটো স্বাভাৱিক । গতিকে বিগত বছৰৰ তুলনাত এইবাৰবিহুত যেগামোচা বিক্ৰী সৰ্বাধিক যে হ'ব সেয়া নিশ্চিত।