অসম

assam

ETV Bharat / state

G R Ravindra Raju: বাজপেয়ী ভৱন আহি পালে জি আৰ ৰবীন্দ্ৰ ৰাজু; শনিবাৰে তামুলপুৰত বিষয়বীয়াৰ বৈঠক - জি আৰ ৰবীন্দ্ৰ ৰাজু

বাজপেয়ী ভৱন আহি পালে জি আৰ ৰবীন্দ্ৰ ৰাজু ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অসম দলটোৰ আভ্যন্তৰীণ পৰিবৰ্তনৰ ইংগিত । ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ দেশজুৰি ব্যাপক তৎপৰতা বিজেপিৰ ৷ অসমতো সাংগঠনিক দিশত ব্যাপক তৎপৰতা শাসকীয় দলটোৰ ৷

G R Ravindra Raju
G R Ravindra Raju

By

Published : Aug 4, 2023, 10:03 PM IST

বাজপেয়ী ভৱন আহি পালে জি আৰ ৰবীন্দ্ৰ ৰাজু

গুৱাহাটী, 4 আগষ্ট: অসমৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব নতুনকৈ অৰ্পণ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা জি আৰ ৰবীন্দ্ৰ ৰাজুক ৷ দীৰ্ঘ সময় ধৰি অন্ধ্ৰ প্ৰদেশত প্ৰান্তীয় সাংগঠনিক সম্পাদক হিচাবে দায়িত্ব পালন কৰা ৰাজু এগৰাকী কঠোৰ প্ৰশাসনীয় দলীয় ব্যক্তি হিচাবে পৰিচিত বিজেপিৰ ভিতৰ চ’ৰাত ৷

ৰাজ্যিক বিজেপিৰ নৱ নিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদকৰূপে জি আৰ ৰবীন্দ্ৰ ৰাজুৱে শুকুৰবাৰে বিজেপিৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত উপস্থিত হয় ৷ দলীয় নেতা-কৰ্মীৰ আদৰণিৰ মাজেৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ৰবীন্দ্ৰ ৰাজুৱে ৷

সাংগঠনিক সাধাৰণ সম্পাদকৰূপে জি আৰ ৰবীন্দ্ৰ ৰাজুক দায়িত্ব অৰ্পণ

অসমৰ দায়িত্বৰ পৰা অব্যাহতি পোৱা ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই নৱ নিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদকৰূপে জি আৰ ৰবীন্দ্ৰ ৰাজুক দায়িত্ব অৰ্পণ কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত এখন সাংগঠনিক সভাত জি আৰ ৰাজুৱে দায়িত্বভাৰ গ্ৰহণ কৰে ৷

বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰবীন্দ্ৰ ৰাজুক উষ্ম আদৰণি

উল্লেখযোগ্য যে শনিবাৰে ৰাজ্যিক বিজেপিৰ এখন বিষয়ববীয়াৰ বৈঠক তামুলপুৰত অনুষ্ঠিত হ’ব । ইয়াত অংশগ্ৰহণ কৰিব শুকুৰবাৰে দায়িত্বভাৰ গ্ৰহণ কৰা ৰবীন্দ্ৰ ৰাজুৱে । অসমৰ সাংগঠনিক সম্পাদক হিচাবে এইখন হ’ব তেঁওৰ ৰাজ্যত প্ৰথমখন বৈঠক ৷ দলীয় তথ্য অনুসৰি এই বৈঠকত নৱ নিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপৰিও অসমৰ প্ৰাক্তন সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু নৱ নিযুক্ত ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাচায়েও অংশগ্ৰহণ কৰাৰ কথা ।

বাজপেয়ী ভৱন আহি পালে জি আৰ ৰবীন্দ্ৰ ৰাজু

মন কৰিবলগীয়া যে কেইবাটাও দিশৰ পৰা ৰবীন্দ্ৰ ৰাজুৰ বাবে অসমৰ দায়িত্ব যথেষ্ট প্ৰত্যহ্বানমূলক ৰূপে পৰিগণিত হৈছে ৷ নতুন আৰু পুৰণি বিজেপিৰ সংঘাতে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যিক বিজেপিৰ সাংগঠনিক দিশত যথেষ্ট প্ৰভাৱ পেলাইছে ৷ ইফালে সৰ্বানন্দ সোণোৱালপন্থী আৰু হিমন্ত বিশ্ব শৰ্মাপন্থীৰ মাজৰ স্থায়ী শীতল যুদ্ধখন আছেই । লগত বিভিন্ন ইছ্যুত প্ৰতি নিয়ত ৰাজ্যত যুঁজ দিব লগা হৈছে দলটোৱে ৷

বিভিন্ন জিলাত গঢ় দিব লগা হৈছে দুৰ্বল হৈ পৰা আইটি চেলৰ নতুন সৈনিক ৷ শনিবাৰে তামুলপুৰত হ’বলগীয়া দলটোৰ ৰাজ্যিক বিষয়ববীয়া বৈঠকখনত ৰাজ্যিক বিজেপিৰ সাংগঠনিক বিষয়ৰাজি বিশ্লেষণ কৰাৰ লগতে দলৰ বিষয়ববীয়ালৈ এলানি নিৰ্দেশনা ৰবীন্দ্ৰ ৰাজুৱে আগবঢ়াব বুলি দলীয় কৰ্মীৰ মাজত ব্যাপক চৰ্চা হৈছে ।

জি আৰ ৰবীন্দ্ৰ ৰাজুৰ অসমৰ সাংগঠনিক দায়িত্ব গ্ৰহণে যদি ৰাজ্যিক বিজেপিৰ একাংশৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে বিপৰীতে আন একাংশৰ মূৰৰ কামোৰণি বৃদ্ধি কৰিছে৷ বিজেপিৰ ভিতৰ চ’ৰাতে চৰ্চা হৈ আছে যে সৰ্বানন্দ সোণোৱালৰ ঘণিষ্ঠ হোৱাৰ বাবেই মূল্য ভৰিব লগা হ’ল অসমৰ সাংগঠনিক দায়িত্বৰ পৰা অব্যাহতি পোৱা ফণীন্দ্ৰ নাথ শৰ্মাই ৷

এনে পৰিস্থিতিত অসম বিজেপিৰ নতুন সাংগঠনিক সম্পাদকৰূপে জি আৰ ৰবীন্দ্ৰ ৰাজুৱে দলটোক কিদৰে নিয়ন্ত্ৰণ কৰে তাক লৈ যথেষ্ট উৎসুক হৈ আছে অসম বিজেপিৰ নেতা-কৰ্মী ৷

লগতে পঢ়ক:Dhubri Gang attack: ধুবুৰীত বিদ্যুৎ চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী; তিনিজনক আটক

ABOUT THE AUTHOR

...view details